এইবাৰ ভাৰতৰ ৰাজধানী চহৰ দিল্লীত গণৰাজ্য দিৱস উদযাপনত অসমৰ প্ৰতীক পটত প্ৰদৰ্শিত হ’ব বিখ্যাত কামাখ্যা মন্দিৰ আৰু কিংবদন্তি আহোম সেনাপতি লাচিত বৰফুকন ।ইয়াৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বিহু শিল্পীসকলে এই প্ৰতীক পটৰ যোগেদি অসমৰ চহকী ঐতিহ্য-পৰম্পৰা প্ৰদৰ্শন কৰিব।
২০২৩ চনৰ ২৬ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱসৰ পেৰেডৰ অংশ হ’ব এইবাৰৰ অসমৰ এই প্ৰতীকপট ৷
উল্লেখযোগ্য যে ২০২০ চনত গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰি প্ৰথম পুৰস্কাৰ লাভ কৰিছিল অসমৰ হস্তশিল্প, নৃত্য, সংগীত আৰু অসমৰ জনসাধাৰণক চিত্ৰিত কৰি প্ৰদৰ্শন কৰা প্ৰতীক পটে ।