আজি অসমৰ সাংস্কৃতিক জগতৰ এক উজ্জ্বল জ্যোতিষ্ক গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ জন্মদিন ৷ শিৱসাগৰৰ দিখৌপাৰত ১৯০৪ চনৰ ১৯ আগষ্টত জন্মগ্ৰহণ কৰা পাৰ্বতি প্ৰসাদ বৰুৱাই জীৱনৰ বেছিভাগ সময় চৰাইদেউৰ সোণাৰিৰ সোণালীপামত অতিবাহিত কৰিছিল ৷ এই সোণালী পামৰ নিগাজী ঘৰত থাকিয়েই তেওঁ সৃ্ষ্টি কৰিছিল বহু কালজয়ী গীত আৰু কবিতা ৷
উল্লেখ্য যে যোৰহাটৰ সৰু-চৰাইত ‘জোনাকী মেল’ৰ পাতনি মেলা গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা অসমীয়া সাংস্কৃতিক জগতখনৰ এগৰাকী চিৰনমস্য ব্যক্তি। চতুৰ্থখন অসমীয়া কথাছবি ‘ৰূপহী’ৰ নিৰ্মাণ কৰি গীতিকবি পাৰ্বতি প্ৰসাদে অসমৰ চলচ্চিত্ৰ জগতলৈকো এক মহান অৱদান আগবঢ়াই থৈ গ’ল ৷ গীতি-কবিতাৰে অসমীয়া সাহিত্য জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা গীতিকবি পাৰ্বতী প্ৰসাদৰ গীত-কবিতাসমূহে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সান্নিধ্যত এক নতুন পৰিচয় লাভ কৰিছিল ৷ প্ৰকৃতাৰ্থত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত সমূহে অসমীয়া সংস্কৃতিক এক অনন্য মাত্ৰা প্ৰদান কৰিলে, যি সমূহ গীতে অসমীয়া সংগীত জগতখনক চহকী কৰি ৰাখিব যুগ -যুগান্তৰলৈ।
গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্ম দিৱসত তেওঁৰ সৃষ্টিৰাজিক শ্ৰদ্ধাৰে সুঁৱৰিছো ৷