অজি পদ্মভূষণ, পদ্মবিভূষণ আৰু ভাৰত ৰত্ন এম.এছ. শুবুলক্ষ্মীৰওপজাদিন ৷ দক্ষিণ ভাৰতৰ এক সংগীতজ্ঞ পৰিয়ালত জন্ম হৈছিল শ্ৰীমতী এম.এছ. শুবুলক্ষ্মীৰ । মাতৃ প্ৰসিদ্ধ বীণা বাদক শ্ৰীমতী সন্মুগাভাদিভুৰ পৰা কণ্ঠ সংগীতৰ প্ৰশিক্ষণ লাভ কৰিছিল তেওঁ ৷
পৰৱৰ্তী সময়ত শাস্ত্ৰীয় সংগীত আৰু দক্ষিণ ভাৰতীয় ভাষাৰ লগতে হিন্দী ভাষাত ভক্তিমূলক সংগীত পৰিৱেশন কৰি এম.এছ. শুবুলক্ষ্মীয়ে সংগীত-প্ৰেমী সকলৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।
মাদ্ৰাজৰ মিউজিক একাডেমীৰ সঙ্গীতা কলানিধি উপাধি লাভ কৰা শ্ৰীমতী শুবুলক্ষ্মীয়েই আছিল প্ৰথম গৰাকী মহিলা । ইয়াৰ উপৰিও তেওঁ ৰেমন মেগছেছে বঁটা, সংগীত নাটক একাডেমী বঁটা, পদ্মভূষণ, পদ্মবিভূষণ আৰু ভাৰত ৰত্ন সন্মানকে আদি কৰি দেশৰ সৰ্বোচ্চ সন্মান লাভ কৰিছিল। সংগীতৰ ক্ষেত্ৰখনত তেওঁৰ খ্যাতি আৰু এই ক্ষেত্ৰখনলৈ আগবঢ়োৱা তেওঁৰ অনবদ্য অৱদানৰ বাবে এইগৰাকী মহান ভাৰতীয় শিল্পী এম.এছ. শুবুলক্ষ্মীক ১৯৭৪ চনত একাডেমীৰ ফেলোশ্বিপ প্ৰদান কৰা হৈছিল ৷
১৯১৬ চনত ১৬ছেপ্টেম্বৰত ভাৰতবৰ্ষত জন্ম লাভ কৰা এইগৰাকী মহান শিল্পীক আজি তেওঁৰ ওপজা দিনটোত শ্ৰদ্ধাৰে সুঁৱৰিছো ৷