আজি মে-ডাম-মে-ফী। অসমৰ আহোম জনগোষ্ঠীৰ বাপতিসাহোন লোক-উৎসৱ মে-ডাম-মে-ফী । পূৰ্ব-পুৰুষক শ্ৰদ্ধা জনোৱা উৎসৱটিয়ে আমাক জানিবলৈ দিয়ে আহোম সকলৰ লোকবিশ্বাস , ধৰ্ম -চিন্তা আৰু সংস্কৃতিৰ বিষয়ে। আহোম ভাষাত ‘মে ‘ মানে পূজা-পাৰ্বণ , ‘ ডাম ‘ মানে মৃতক আৰু ‘ ফী ‘ হ’ল দেৱতা। অৰ্থাৎ মৃত পূৰ্বপুৰুষ আৰু দেৱতাৰ পূজা। লোকবিশ্বাস মতে – মৃত্যুৰ পাছত লোক সকল দেৱতা হয় আৰু স্বৰ্গত বাস কৰে। মৃত ব্যক্তি সকলে প্ৰথমতে স্বৰ্গত ‘ ডাম ‘ নামৰ এটি অৱস্থা পায় আৰু পাছলৈ ‘ ফী’ অৰ্থাৎ প্ৰকৃত দেৱতা হয়।
এই ডাম আৰু ফী সকলে তেওঁলোকৰ পৃথিৱীত থকা সন্তান সকলক বিপদ- বিঘিনীৰ পৰা ৰক্ষা কৰি সুপথত চলি থাকিবলৈ সহায় কৰাৰ ফলত তেওঁলোকৰ সন্তান সকলে সুখ-শান্তিৰে জীৱন নিৰ্বাহ কৰি আহিছে। পৃথিৱীত বাস কৰা, ডাম আৰু ফীৰ সন্তান সকলে বছৰেকৰ এটা নিৰ্দিষ্ট দিনত তেওঁলোকক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি পূজা সেৱা আগবঢ়ায়। কালক্ৰমত জানুৱাৰীৰ ৩১ তাৰিখে অনুষ্ঠিত হোৱা এই উৎসৱটিৱে টাই- আহোম সকলৰ বিখ্যাত মে-ডাম -মে-ফী উৎসৱ।
টাই-আহোম সকলে পূজা কৰা ঠাইত আঠকোণীয়া ‘ হ-ফী ‘ বা মন্দিৰৰ নিচিনা বনাই লয়। তাতে আঠখন মেহেঙা বা শৰাই দি লেনডনৰ প্ৰমূখ্যে আঠজন ফী বা দেৱতাক পূজা দিয়া হয়। বেদীত ” পাক-পেন-কাক ” নামৰ ধৰ্মীয় পুথি স্থাপন কৰা হয়। ৰজা দেশ আৰু প্ৰজাৰ মংগলৰ বাবে ৰাজহুৱাকৈ মে-ডাম-মেফী পালন কৰাৰ লগতে ঘৰুৱা ভাবেও এই পূজা অনুষ্ঠিত কৰা হয়। ঘৰুৱা ভাবে অনুষ্ঠিত হোৱা পূজাত পাঁচখন বা তিনিখন মাইহাং ( বাণকাঁহী ) আগবঢ়োৱা হয়। টাই-আহোম সকলে উপৰি পুৰুষ পুলিন আৰু পুথাও সকলৰ স্মৃতিত শ্ৰদ্ধা জনাই জনগণৰ মংগলৰ বাবে আশীৰ্বাদ বিচাৰি পালন কৰা হয় মে-ডাম-মেফী।
আহোম ৰাজত্বৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফাৰ দিনৰ পৰাই অসমত টাই-আহোম সকলে নিৰ্দিষ্ট নিয়ম-নীতিৰে উপৰিপুৰুষ সকলৰ পূজা অৰ্থাৎ মে-ডাম-মে-ফী পালন কৰাৰ কৰাৰ কথা বুৰঞ্জীত পোৱা যায়। আহোম সকলে স্থাপন কৰা অসমৰ প্ৰথম ৰাজধানী চৰাইদেউত সম্পূৰ্ণ ৰাজকীয় পৃষ্ঠপোষকতাত তেওঁলোকৰ পূৰ্বপুৰুষ পুলিন -পুথাও সকলৰ স্মৃতিত মে-ডাম-মে-ফী ধৰ্মীয় অনুষ্ঠানটি পালন কৰাৰ কথাও বুৰঞ্জীত উল্লেখ আছে। ইয়াৰ উপৰিও আহোম স্বৰ্গদেউ সকলে বিভিন্ন মাংগলিক কাৰ্যতো জাতীয় জীৱনৰ প্ৰাণ সদৃশ মে-ডাম-মে-ফী উৎসৱটো পালন কৰিছিল বুলি জানিব পৰা যায়।
সমগ্ৰ আহোমক একতা আৰু ভাতৃত্বৰ ডোলেৰে বান্ধি ৰখাৰ লগতে অসমীয়া জাতীয় ঐক্য আৰু সমন্বয় সাধনতো মে-ডাম-মে-ফী ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।