ভাৰতবৰ্ষ এনে এখন দেশ য’ত মানুহে ধৰ্মৰ নামত সময়ে সময়ে বিভিন্ন উৎসৱ উদযাপন কৰে ৷ দেশৰ বিভিন্ন ঠাইত বিভিন্ন সময়ত ভিন ভিন ধৰ্মাৱলম্বী লোকে ভিন ভিন উৎসৱ সমূহ উদযাপন কৰে ৷ হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিশেষকৈ বহু দেৱ-দেৱতাক পূজা কৰি দেশৰ বিভিন্ন মঠ-মন্দিৰো দৰ্শন কৰে ৷
ভাৰতবৰ্ষৰ হিমালয়ৰ গড়ৱাল অঞ্চলৰ অত্যন্ত আকৰ্ষণীয় প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা চোপ্তা উপত্যকাৰ পৰা ৪.৫ কিলোমিটাৰ দূৰত্বত ১২.০৭৪ ফুট উচ্চতাত অৱস্থিত এই তুঙ্গনাথ শিৱ মন্দিৰ। ইয়াক বিশ্বৰ ভিতৰতে সৰ্বোচ্চ শিৱ মন্দিৰ বুলি জনা যায়।হিন্দু সকলে বিশ্বাস কৰা মহাদেৱ বা শিৱ তেনে এজন ভগৱান যাক বেছিভাগ ধৰ্মাৱলম্বী লোকেই উপাসনা কৰে ৷ মহাদেৱক আৰাধনা কৰাৰ বাবে দেশৰ বিভিন্ন ঠাইত প্ৰতিষ্ঠা কৰা হৈচে বহু মন্দিৰ ৷ এই মন্দিৰ সমূহৰ ভিতৰত এক অন্যতম মন্দিৰ হ’ল উত্তৰাখণ্ডৰ চোপ্টাৰ তুংনাথ মন্দিৰ ৷ যি মন্দিৰ দৰ্শন কৰিবলৈ মন্দিৰটোলৈ আগমন ঘটে লক্ষ লক্ষ দৰ্শনাৰ্থীৰ ৷
শীতকালত বৰফৰ ডাঠ আৱৰণেৰে আৱৰি থাকে এই মন্দিৰলৈ যোৱা পথ ৷ আনহাতে বসন্ত ঋতুৰ আগমনত ৰঙা আৰু গুলপীয়া ৰঙৰ ঘন আকৰ্ষণীয় ৰডোডেনড্ৰন ফুলেৰে শোসুভিত হৈ পৰে খোজ কঢ়া পথছোৱা ।অৱশ্যে যদিও এই ৰডোডেনড্ৰন ফুলবোৰ ৪ সপ্তাহতকৈ বেছিদিন জীয়াই নাথাকে কিন্তু বাৰিষা ঋতুৰ আগমন ঘটাৰ লগে লগেই বনৰীয়া পাহাৰীয়া ফুলেৰে আকৰ্ষণীয় হৈ পৰে মন্দিৰটোলৈ যোৱা এই পথ ৷