মানুহ এনে এবিধ প্ৰাণী যাৰ সৃষ্টিশীলতাৰ অভাৱ নাই। এই সৃষ্টিশীল মনোভাৱেই হওঁক নাইবা প্ৰতিযোগিতাই হওঁক এই দুয়োটাই হয়তো সেয়েহে সমগ্ৰ বিশ্বৰ বহু ৰেষ্টুৰেণ্টক এনেকৈ সজাইছে যি সমগ্ৰ বিশ্বাবাসীকে আচৰিত কৰি তুলিছে। বিশ্বৰ এনে কেইখনমান ৰেষ্টুৰেণ্টৰ গৃহসজ্জা,কাৰুকাৰ্য্য আৰু খাদ্য পৰিবেশন কৰাৰ শৈলীয়ে সদায় সকলোকে আকৰ্ষিত কৰি আহিছে ৷
জাপানৰ ন্যোটাইমৰি ৰেষ্টুৰেণ্ট-
‘ন্যোটাইমৰি’ মানে মহিলাৰ শৰীৰত পৰিবেশন কৰা খাদ্য। এই আচৰিত ৰেষ্টুৰেণ্টখনক বডি চুচি বুলিও কোৱা হয়। এই ৰেষ্টুৰেণ্টখনত এখন ডাঙৰ ডাইনিং টেবুলত ছোৱালীবোৰক চুচি আৰু চাচিমিৰ দৰে বিশেষ খাদ্য পৰিবেশন কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। কেৱল এয়াই নহয়, মানুহে এই ছোৱালীজনীৰ কাষে কাষে বহি অতি আনন্দত চুচি খায়। উলংগ শৰীৰত খাদ্য পৰিবেশন কৰাৰ এই অদ্ভুত প্ৰথা জাপানত বছৰ বছৰ ধৰি চলি আহিছে।
নগ্ন ৰেষ্টুৰেণ্ট, লণ্ডন
কাপোৰ নোহোৱাকৈ ৰাজহুৱা স্থানত খাদ্য খোৱাৰ কথা হয়তো কল্পনাও কৰিব নোৱাৰি। ২০১৬ চনত লণ্ডনত ‘দ্য বেচিক’ নামৰ বিশ্বৰ প্ৰথমখন নগ্ন ৰেষ্টুৰেণ্ট মুকলি কৰা হয়। এই ৰেষ্টুৰেণ্টখনত হাজাৰ হাজাৰ লোকে খাদ্যৰ বাবে অতিৰিক্ত বুকিং কৰে। আচৰিত কথা যে ইয়াত গ্ৰাহক,ওৱেট্ৰেছ, চেফ আৰু ৰান্ধনী সকলোৱে উলংগ হৈ খাদ্য পৰিবেশন কৰে আৰু খায়।
টয়লেট ৰেষ্টুৰেণ্ট, টাইৱান
আপুনি হয়তো কেতিয়াও শুনা নাই যে এই আসন খাদ্যৰ বাবেও ব্যৱহাৰ কৰিব পাৰি। চীনত এখন ৰেষ্টুৰেণ্ট আছে য’ত টেবুল বা চকীত নহয়, টয়লেটৰ চিটত বহি আহাৰ গ্ৰহণ কৰিব লাগে। কেৱল এয়াই নহয়, ইয়াত টয়লেটৰ চিটতে বাচন-বৰ্তন আৰু পানীয়ও পৰিবেশন কৰা হয়।
বেলজিয়ামৰ এয়াৰ ৰেষ্টুৰেণ্ট
বতাহত ওলমি থকা এই ৰেষ্টুৰেণ্টখনে পৃথিৱীৰ আচৰিত ৰেষ্টুৰেণ্ট সমূহৰ ভিতৰত এক বিশেষ স্থান লাভ কৰিছে। বতাহত ওলমি থকা বেলজিয়ামৰ এই ৰেষ্টুৰেণ্টখন আচৰিত ধৰণৰ। এই ৰেষ্টুৰেণ্টখনত এয়াৰ ফুডো পৰিবেশন কৰা হয়। আচলতে ক্ৰেনৰ সহায়ত ৫০ মিটাৰ উচ্চতাত এখন ডাইনিং টেবুল বতাহত ওলমি থাকে, য’ত মানুহে বতাহত বহি আহাৰ গ্ৰহণ কৰি আনন্দ উপভোগ কৰে ।
আইচ ৰেষ্টুৰেণ্ট, ডুবাই
ডুবাইত গৰমক পৰাস্ত কৰিবলৈকে যেন নিৰ্মাণ কৰা হৈছে এই খন বৰফৰ ৰেষ্টুৰেণ্ট ৷ ডুবাইৰ এইখনেই একমাত্ৰ বৰফৰ ঠাই। এই ৰেষ্টুৰেণ্টখনত গ্ৰাহকসকলে উত্তৰ মেৰুৰ দৰেই ঠাণ্ডা অনুভৱ কৰে। ইয়াক সম্পূৰ্ণৰূপে কৃত্ৰিম নিয়ঁৰ আৰু কাঁচেৰে তৈয়াৰ কৰা হৈছে। ইয়াত উষ্ণতা শূণ্যৰ তলত থাকে আৰু ইয়াত বৰফেৰে তৈয়াৰী বস্তুহে দেখা যায়।
চীনৰ প্ৰিজন থিম ৰেষ্টুৰেণ্ট
চীনত অদ্ভুত থিমযুক্ত বহু ৰেষ্টুৰেণ্ট আছে যদিও চীনৰ প্ৰিজন থিম ৰেষ্টুৰেণ্ট বিশেষ সেৱাৰ বাবে পৰিচিত। ইয়াত জেলৰ ভিতৰত টেবুল এখনত খাদ্য পৰিবেশন কৰা হয়। বন্দী আৰু জেইলাৰৰ দৰে সাজ-পোছাক পিন্ধা ওৱেটাৰসকলে গ্ৰাহকসকলক বিশেষ আতিথ্য প্ৰদান কৰে। যদি আপুনি কোনো অপৰাধ নকৰাকৈয়ে জেলৰ বতাহ আৰু সুস্বাদু খাদ্য খাব বিচাৰে তেন্তে নিশ্চয় ইয়ালৈ যাব পাৰে।