কথাত কটা যায়,কথাত বঁটা পায় ৷ কেতিয়াবা কথা ক’ব নজনাৰ দোষত মানুহ বিপদত পৰে ৷ আনহাতে আকৌ কেতিয়াবা কথাৰ বাবে মানুহে সন্মানো লাভ কৰে ৷ কিন্তু সন্মান নহয় এইবাৰ নিজৰ কথাৰ বাবেই ৰাইজৰ ৰোষত পৰিল জনপ্ৰিয় তথা জ্যেষ্ঠ বলীউড অভিনেত্ৰী আশা পাৰেখ ৷ আজি কিছুদিনৰ আগতে ৫৩সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁ মহিলাৰ সাজ-পোছাক সন্দৰ্ভক লৈ কৰা কিছু মন্তব্যৰ বাবে এই বাৰ ৰাইজৰ ৰোষত পৰিছে অভিনেত্ৰী গৰাকী ৷ সেয়েহে সামাজিক মাধ্যম যোগে অভিনেত্ৰী গৰাকীক বিভিন্ন জনে ট্ৰ’ল কৰা দেখা গৈছে ৷ নিজৰ পৰম্পৰাগত সা-পোছাক পৰিহাৰ কৰি পশ্চিমীয়া সংস্কৃতিক আঁকোৱালি ভাৰতীয় নাৰীসকলে পশ্চিমীয়া সাজ-পোচাক পৰিধান কৰাৰ লগতে মেদ বহুল নাৰী সকলে পশ্চিমীয়া সাজ পোছাক পৰিধান কৰাক লৈ তেওঁ ক্ষোভ প্ৰকাশ কৰি আগবঢ়োৱা মন্তব্যৰ বাবেই নেটিজেন সকলে ট্ৰ’ল কৰিছে জ্যেষ্ঠ অভিনেত্ৰী গৰাকীক ৷
নেটিজেনসকলে তেওঁক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁ এগৰাকী প্ৰবীণ হিচাপে মহিলাসকলৰ শাৰিৰীক অৱয়বক লৈ তেওঁ কেনেকৈ মন্তব্য কৰিব পাৰে বা এগৰাকী মেদবহুল মহিলাক তেওঁৰ দৰে এগৰাকী অভিনেত্ৰীয়ে কেনেকৈ লাজ দিব পাৰে!
এই সন্দৰ্ভত এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে টউইটাৰত আশা পাৰেখৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে যে এযোৰ পোচাক পিন্ধাটো এগৰাকী মহিলাৰ ব্যক্তিগত বাছনি ৷ তেওঁ সেয়ে কৈছে যে তেওঁ আচৰিত হৈছে যে আশাপাৰেখৰ দৰে প্ৰবীণ অভিনেত্ৰী এগৰাকীয়ে মহিলাৰ শাৰিৰীক অৱয়বক লৈ মন্তব্য কৰি ভাৰতীয় নাৰীয়ে বিবাহ অনু্ঠানসমূহত কি পিন্ধিব লাগে তাক লৈ দিয়া পৰামৰ্শমূলক মন্তব্য সঁচাকৈয়ে দুখজনক ৷
Asha ji …!!! Of all the people you are saying this??? Are you really fatshaming women who want to wear what they want to at their own weddings? Should we now go and compare you to ur contemporaries??? We won't cause we aren't you!https://t.co/dWWEDhS6cV
— Pooja (@Poohjaanena) November 29, 2022
আন এগৰাকী ব্যৱহাৰকাৰীয়ে আকৌ টুইট কৰি প্ৰশ্ন কৰিছে যে ইমান বোৰ মানুহৰ মাজত অভিনেত্ৰী গৰাকীয়ে এই কথা কৈছে নেকি ? কাৰণ ইয়াৰ যোগেদি নিজৰ বিয়াত নিজৰ ইচ্ছা অনুযায়ী সাজ-পোচাক পিন্ধিব বিচৰা মেদবহুল মহিলাসকলক যেন তেওঁ সঁচাকৈয়ে লজ্জিত কৰিছে ৷ লগতে তেওঁ আশা পাৰেখক উদ্দেশ্যি কৈছে যে তেওঁলোকে এতিয়া গৈ অভিনেত্ৰী গৰাকীৰ সমসাময়িক সকলৰ লগত তেওঁক তুলনা কৰা উচিত নেকি? অৱশ্যে টুইটটোৰ মুখনি মাৰি তেওঁ এইটোও কয় যে তেওঁলোকে এনে কাম নকৰে কাৰণ তেওঁলোক ‘আশা পাৰেখ’ নহয় ৷
অৱশ্যেই এগৰাকী মহিলাৰ শাৰিৰীক অৱয়বক লৈ কৰা এই মন্তব্যই ভাৰতীয় নাৰী সকলৰ মাজত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু নিজৰ পৰম্পৰাগত সাজপাৰ পাহৰি ভাৰতীয় নাৰীয়ে পশ্চিমীয়া সাজ-পোচাক আদৰি লোৱা বুলি অভিনেত্ৰী গৰাকীয়ে অভিযোগ উত্থাপন কৰি কোৱা কথাষাৰৰ পৰা খলকনি উঠিছে নৱ-প্ৰজন্মৰ মাজতো ৷ অৱশ্যে পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব যে এই সন্দৰ্ভত কি মন্তব্য কৰে বলীউডৰ জ্যেষ্ঠ তথা জনপ্ৰিয় অভিনেত্ৰী আশা পাৰেখে ?