সমগ্ৰ বিশ্বৰ ভিতৰতে এখন উন্নত দেশ জাপান ৷ বিজ্ঞান আৰু প্ৰযুক্তিকে ধৰি যিখন দেশ ইয়াৰ শিল্পকৰ্ম নাইবা ঐতিহ্য পৰম্পৰাৰ ক্ষেত্ৰতো সমানেই আগবঢ়া ৷ এইখন দেশ বিজ্ঞানৰ ক্ষেত্ৰত ইমানেই আগবঢ়া যে ভাৰতৰ দৰে আন বহুতো উন্নয়নশীল দেশত ব্যৱহৃত এনে বহু সামগ্ৰী আছে যিবোৰ জাপানৰ দৰে দেশৰ শিশু সকলে নিৰ্মাণ কৰে ৷
এইখন দেশৰ “ৱাগাচা” ছাতি’’ ১০০০বছৰতকৈও অধিক পুৰণি তেনে এক সৃষ্টি যি বৰষুণৰ পৰা ৰক্ষা পোৱাৰ সলনি শত্ৰুৰ পৰা সুৰক্ষিত কৰে ৷ অৱশ্যে কিয়োটোৱে তৈয়াৰ কৰা ১০০০বছৰতকৈও পুৰণি এই “কিও-ৱাগাচা” ছাতিবোৰ জাপানৰ শিল্পী নিশিবোৰি কোটাৰোৱে পুনৰ আৱিষ্কাৰ কৰিছে। উল্লেখনীয় যে হিয়োশিয়া কোম্পানী লিমিটেডৰ পঞ্চম প্ৰজন্মৰ উত্তৰাধিকাৰী হিচাপে তেওঁ সময়, কৌশল আৰু সংবেদনশীলতাৰ মিশ্ৰণ কৰি লাইট ডিজাইন কৰাৰ লগতে দোকানখনৰ ১৬০ বছৰীয়া ছাতি নিৰ্মাণ পৰম্পৰাও বজাই ৰাখিছে । যাক জাপানী শিল্পীসকলৰ সৃষ্টিৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি গন্য কৰিব পাৰি ।
হেয়ান যুগত (৭৯৪-১১৮৫) চীনে প্ৰথমবাৰৰ বাবে জাপানৰ সৈতে ৱাগাছা ছাতি প্ৰৱৰ্তন কৰিছিল। সেইবোৰ ৱাছি কাগজ আৰু বাঁহৰ পৰা তৈয়াৰ কৰা হৈছিল । চিত্ৰত দেখা পোৱা পৰম্পৰাগত ৱাগাচা ছাতিবোৰ অৱশ্যে আধুনিক ৱাগাছাতকৈ কিচু পৃথক। এই পৰম্পৰাগত ছাতিবোৰক প্ৰাচীন কালত জাপানত এক তাবিজ আৰু শক্তিৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াক ছাতিতকৈ পেৰাচোল হিচাপেহে অধিক ব্যৱহাৰ কৰা হৈছিল। মোমোয়ামা কালত (১৫৬৮-১৬০০) ইয়াৰ ফল্ডিং প্ৰণালী আৱিষ্কাৰ কৰা হয় আৰু ৱাগাচা তৈয়াৰ কৰা হয়। অৱশ্যে এডো পিৰিয়ড (১৬০০-১৮৬৮) লৈকে, উকিয়ো-ই কলাৰ এই ৰঙীন ছাতিবোৰ ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। এই সময়ছোৱাত ছামুৰাইক স্থানীয় প্ৰদেশৰ বাবে ধন উপাৰ্জন কৰাৰ উপায় হিচাপে ছাতি (আৰু অন্যান্য বাঁহৰ কাৰুশিল্প) তৈয়াৰ কৰা দেখা গৈছিল। আনফালে ঐতিহাসিকভাৱে এই ৱাগাচা ছাতিবোৰ এক ফেশ্বন হিচাপেও বিকশিত হৈছিল।