মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমীৰ দিনটো বসন্ত পঞ্চমী হিচাপে পালন কৰা হয়। এই দিনটোৰ পৰাই ভাৰতত বসন্ত ঋতুৰ আৰম্ভ হয়। বসন্ত পঞ্চমীক মাঘ পঞ্চমী বুলিও জনা যায়।সমগ্ৰ ভাৰততে অতি উলহ মালহেৰে পালন কৰা হয় এই বসন্ত পঞ্চমী উৎসৱ । উল্লেখযোগ্য যে এই দিনটোত সমগ্ৰ দেশতে বিদ্যাৰ অধিস্থাত্ৰী দেৱী সৰস্বতীক পূজা কৰা হয়। বিশ্বাস অনুসৰি এইদিনটোত সৰস্বতী স্তোত্ৰ পাঠৰ লগতে দেৱী সৰস্বতীক পূজা কৰিলে সু-ফল পোৱা যায়।
বসন্ত পঞ্চমীৰ দিনা কিয় সৰস্বতী পূজা কৰা হয়?
পুৰাণৰ মতে বিদ্যাৰ অধিস্থাত্ৰী দেৱী সৰস্বতীৰ জন্ম হৈছিল বসন্ত পঞ্চমীৰ দিনা। বিশ্বাস কৰা হয় যে বসন্ত পঞ্চমীৰ দিনা বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ভগৱান ব্ৰহ্মাৰ মুখৰ পৰা জ্ঞান-বিদ্যাৰ দেৱী মাতৃ সৰস্বতীৰ আবিৰ্ভাৱ হৈছিল। সেইবাবেই এই দিনটোত দেৱী সৰস্বতীক বিশেষভাৱে পূজা কৰা হয়।
বসন্ত পঞ্চমীৰ তাৎপৰ্য কি ?
বসন্ত পঞ্চমীৰ দিনা দেৱী সৰস্বতী পূজা কৰা হয়। বিশ্বাস আছে যে এই দিনটোত সৰস্বতী স্তোত্ৰ পাঠ কৰি সৰস্বতীৰ আশীৰ্বাদ লাভ কৰিব পাৰি। উক্ত দিনটোত সকলো বিদ্যালয়-মহাবিদ্যালয়ত দেৱী সৰস্বতীক পূজা কৰা হয়। আনহাতে এই দিনটোত হালধীয়া কাপোৰ পিন্ধা আৰু দান কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।
এই দিনটোত সৰস্বতী দেৱীক পূজা কৰিলে জ্ঞান আৰু প্ৰজ্ঞাৰ আশীৰ্বাদ পোৱা যায় বুলি বিশ্বাস কৰা হয়। বহু ঠাইত সৰস্বতী দেৱীৰ লগতে বসন্ত পঞ্চমীৰ দিনটোত ভগৱান বিষ্ণুকো পূজা কৰা হয়।হালধিয়া ৰং সৰস্বতীৰ প্ৰিয় বাবে এই দিনটোত মাতৃ সৰস্বতীক খিচিৰি,হালধীয়া কাপোৰ,হালধীয়া ফুল আদি আগবঢ়োৱা হয়।