১৯৮৯ চনৰ হস্ততাঁত সংৰক্ষণ আইনৰ অধীনত কোনো কাৰখানা বা মেচিনত প্ৰস্তুত কৰা গামোচা, মেখেলা -চাদৰ অসমৰ বজাৰত নিষিদ্ধ ঘোষণা কৰাৰ পাছতো অসমৰ বজাৰত বহিৰাগত বণিকে মেচিনত তৈয়াৰ কৰা গামোচা বা মেখেলা-চাদৰৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।
অতি কম মূল্যতে উপলব্ধ এই বস্ত্ৰ সমূহে অসমীয়া শিপিনীলৈ চৰম অৰ্থনৈতিক সংকট কঢ়িয়াই অনাৰ সময়তে ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা এক সিদ্ধান্তই আজি থলুৱা শিপিনীলৈ এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। গ্ৰাম্য অৰ্থনীতিত ইতিবাচক সঁহাৰি জনোৱা এই সিদ্ধান্তই এতিয়া ৫ খন জিলাৰ প্ৰায় ১০ হাজাৰৰো অধিক শিপীনৰ ভাগ্য মুকলি কৰিব।
সেই নিমিত্তে যোৰহাটৰ তিতাবৰস্থিত ধলিৰ ঠেঙাল কছাৰী স্বায়ক্তশাসিত পৰিষদে সাজু কৰি তুলিছে এটা অত্যাধুনিক সূতা বেংক। যোৰহাট, গোলাঘাট, লক্ষীমপুৰ, ডিব্ৰুগড় আৰু ধেমাজিৰ ১০ হাজাৰ শিপীনীয়ে বৈ উলিয়াব ৫ লাখ গামোচা । আৰু এই ৫ লাখ গামোচা ক্ৰয় কৰিব ঠেঙাল কছাৰী স্বায়ক্ত শাসিত পৰিষদে।
যিহেতু ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি সকলো চৰকাৰী অনুষ্ঠানতে ব্যৱহাৰ কৰিব লাগিব অসমীয়া শিপীনীয়ে বোৱা থলুৱা গামোচাখনি আৰু এই সকলো গামোচা যোগান ধৰিব ঠেঙাল কছাৰী স্বায়ক্তশাসিত পৰিষদে।
এই সন্দৰ্ভত অতি শীঘ্ৰেই স্বায়ক্তশাসিত পৰিষদৰ বিষয়া গৰাকীয়ে মুখ্যমন্ত্ৰীৰ লগত এক আলোচনাতো মিলিত হ’ব। যিহেতু এই সমগ্ৰ প্ৰক্ৰিয়াৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে কোটি টকা ধাৰ্য কৰাৰ কথা ঘোষণা কৰিছে । উল্লেখ্য যে, প্ৰতিগৰাকী অসমীয়া শিপিনীৰ সপোন জড়িত হৈ থকা এই গামোচা সমূহ সম্পূৰ্ণ থলুৱা চানেকিৰ পৰা বৈ উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
বিশেষকৈ ক’ভিডসৃষ্ট এই পৰিবেশে অসমৰ গ্ৰাম্য অৰ্থনীতিত যি মাধমাৰ সোধাইছে , যাৰ পৰিপ্ৰেক্ষিতত গাঁৱৰ মহিলা সকল বজাৰলৈ ওলাই আহিব পৰা নাই আৰু চৰম আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে।
তেনেক্ষেত্ৰত চৰকাৰে ঘোষণা কৰা এই আঁচনিয়ে গ্ৰাম্য অৰ্থনীতিত অন্য এক বজাৰ সৃষ্টি কৰি শিপিনী সকলক উদ্ধাৰ কৰাৰ লগতে ক্ৰমে হেৰাই যাব খোজা অসমীয়াৰ মান গামোচা খনি উদ্ধাৰৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিব।