দিচাংমুখৰ চাপৰিত মৰাপাটৰ খেতিৰে নতুন প্ৰজন্মৰ আদৰ্শ হৈ পৰিছে শিল্পী মানস ৰবীন। প্ৰায় দুশ বিঘা মাটিত মৰাপাটৰ খেতি কৰিছে শিল্পীজনে।
ক’ভিড আক্ৰান্ত পৃথিৱীত শিল্পীসমাজত সৃষ্টি হোৱা ভয়াবহ অনিশ্চয়তাৰ বিপৰীতে মানস ৰবীন হৈ পৰিছে থলুৱা কৃষকৰ আশা-ভৰষাৰ থল। নিজৰ লগতে অন্যান্য বহুজনকো কৰ্ম সংস্থাপন দিয়া মানস ৰবীনৰ এই কাৰ্যই যুৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ লগতে প্ৰেৰণাও যোগাইছে। বিশেষকৈ দিচাংমুখৰ বহু সংখ্যক মহিলা এই কাৰ্যত জড়িত হৈ পৰিছে।
শিৱসাগৰৰ যুৱক হৰিপ্ৰসন্ন নাথে উল্লেখ কৰা অনুসৰি তেওঁলোকক প্ৰিয় শিল্পীজনৰ এই কাৰ্যই উৎসাহিত কৰি তুলিছে। কৰ্ণাটকত ছিকিউৰিটি গাৰ্ডৰ চাকৰি কৰা হৰিপ্ৰসন্ন ক’ভিডৰ প্ৰথমটো ঢৌতে ঘৰলৈ উভতি আহিছিল। খেতিৰ বাবে বহু বেছি মাটি নাছিল যদিও তেওঁলোকৰ সৰু পৰিয়ালটো চলিবলৈ এইখিনি মাটি যথেষ্ঠ আছিল।
প্ৰথম অৱস্থাত কি কৰিম নকৰিম ভাবি বহি থকা হৰিপ্ৰসন্নই বিগত ডেৰবছৰে খেতিৰ লগতে হাঁহ পুহিও স্বাৱলম্বী হৈ উঠিছে। তেওঁৰ ভাষাৰে, ইমান বিখ্যাত শিল্পীজনে যদি খেতি কৰিবলৈ লাজ নকৰে আমি নিজৰ মাটিত খেতি কৰিবলৈ সংকোচ কিয় কৰো?
জনপ্ৰিয়ী শিল্পী, গীতিকাৰ, সংগীতজ্ঞজনে ক’ভিডৰ প্ৰথমটো ঢৌৰ পৰাই খেতিত মনোনিৱেশ কৰে। শিল্পীজনৰ নিজেই ট্ৰেক্টৰ চলাই ফচল কঢ়িওৱা দৃশ্যই বহুতকে উৎসাহিত কৰি তুলিছে। তেখেতৰ মতে তেওঁ খেতি কৰি ভালপায়। সেয়ে খেতিৰ সৈতে জড়িত হৈ আনন্দৰ লগতে এক ধৰণৰ উৎসাহো অনুভৱ কৰিছে।