মূল্য বৃদ্ধিৰ ভৰত এতিয়া জুৰুলা হৈছে দেশৰ সাধাৰণ ৰাইজ।ইটোৰ পিছত সিটো নিত্য ব্যৱহাৰ্য দ্ৰব্যৰ মূল্য বৃদ্ধিৰ মাজতে পুনৰ বাৰ বৃদ্ধি পাইছে মূল্যবান ধাতু সোণৰ দাম ।
আজি ৰাতিপুৱা MCXত ২৪ কেৰেট সোণৰ দাম ১০০ টকা বৃদ্ধি হৈ প্ৰতি ১০ গ্ৰামত ৫০,৬০০ টকালৈ বৃদ্ধি পাইছে।
আজি পুৱা ভাৰতীয় বজাৰত সোণ আৰু ৰূপৰ মূল্যৰ সাল সলনি ঘটে। অৱশ্যে সোণৰ মূল্য বৃদ্ধি পোৱাৰ বিপৰীতে হ্ৰাস পাইছে ৰূপৰ মূল্য।
আজি এমচিএক্সত ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ১১২ টকা হ্ৰাস হৈ ৫৬,৮২৭ টকা হৈছে@Piyush Ranjan