এইবাৰ দেশৰ বিমান বন্দৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিষ্ঠান সমূহৰ পৰা চৰকাৰে জব্দ কৰিলে পুতলা ৷ অসমীয়া প্ৰতিদিন কাকতৰ এক প্ৰতিবেদন অনুসৰি হেমলীজ আৰু আৰ্চিজকে ধৰি দেশখনৰ বহু আগশাৰীৰ খুচুৰা পুতলা বিক্ৰী প্ৰতিষ্ঠান সমূহৰ পৰা যোৱা এমাহত চৰকাৰে জব্দ কৰিছে ১৮,৫০০টাকৈ পুতলা ৷ জানিব পৰা মতে চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত বি.আই.এছ.মান অনুসৰণ নকৰাৰ বাবেই দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিষ্ঠানসমূহৰ পৰা পুতলা সমূহ জব্দ কৰা হৈছে ৷ আনহাতে উপভোক্তা সুৰক্ষা নিয়ামক চি.চি.পি.আয়েএমাজন,ফ্লিপকাৰ্ট আৰু স্নেপডীলকো নিয়ম উলংঘা কৰা বাবে জাননী জাৰি কৰিছে ৷ উল্লেখ্য যে ২০২১চনৰ ১জানুৱাৰীৰ পৰা ব্যুৰ’ অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ চমুকৈ বি.আই.এছ.ৰ দ্বাৰা নিৰ্ধাৰিত সুৰক্ষা নিয়মাৱলী অনুসৰণ কৰি পুতলাৰ নিৰ্মাণ নিৰ্ধাৰণ কৰা হৈছে ৷
এই সন্দৰ্ভত বি.আই.এছৰ সঞ্চালক প্ৰধান প্ৰমোদ কুমাৰ তিৱাৰীয়ে কয় যে যোৱা এমাহত ৪৪টাকৈ অনুসন্ধান চলোৱাৰ পিচতে এই বৃহৎ সংখ্যক পুতলা জব্দ কৰা হয় ৷