অহা ১ অক্টোবৰৰ পৰা ভাৰতত আৰম্ভ হ’ব ৫ জি সেৱা ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১ অক্টোবৰত ভাৰতত ৫জি সেৱা আৰম্ভ কৰিব ৷এছিয়াৰ সৰ্ববৃহৎ প্ৰযুক্তি প্ৰদৰ্শনী ইণ্ডিয়া মোবাইল কংগ্ৰেছত প্ৰধানমন্ত্ৰীয়ে এই সেৱা মুকলি কৰিব ৷ এছিয়াৰ সৰ্ববৃহৎ টেলিকম, মিডিয়া, আৰু প্ৰযুক্তিৰ মঞ্চ ইণ্ডিয়া মোবাইল কংগ্ৰেছ (আইএমচি)টেলিকমিউনিকেচন বিভাগ (ডিঅ’টি) আৰু চেলুলাৰ অপাৰেটৰ এছ’চিয়েশ্যন অৱ ইণ্ডিয়া (চিঅ’এআই)ই যৌথভাৱে আয়োজন কৰিছে ৷
যোৱা সপ্তাহত কেন্দ্ৰীয় যোগাযোগ, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জনাইছিল যে চৰকাৰে কম সময়ৰ ভিতৰতে দেশত ৫জি টেলিকম সেৱাৰ ৮০ শতাংশ কভাৰেজৰ লক্ষ্য বান্ধি লৈছে ৷ যোৱা বুধবাৰে দিল্লীৰ এটা অনুষ্ঠানত ভাষণ দি বৈষ্ণৱে কয় “৫জিৰ যাত্ৰা অতি ৰোমাঞ্চকৰ হ’ব ৷ বহু দেশে ৪০ শতাংশৰ পৰা ৫০ শতাংশ কভাৰেজত উপনীত হ’বলৈ একাধিক বছৰ সময় লৈছিল। কিন্তু আমি এটা অতি ম সময়ৰ ভিতৰতে ৮০ শতাংশ কভাৰেজৰ লক্ষ্য বান্ধি লৈছো ৷ আৰু আমি নিশ্চিতভাৱে অতি কম সময়ৰ ভিতৰতে অন্ততঃ ৮০ শতাংশ কভাৰেজ দিবলৈ সক্ষম হ’ম ৷”
বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে যে ৫জি প্ৰযুক্তিয়ে ভাৰতক যথেষ্ট উপকৃত কৰিব। মোবাইল নেটৱৰ্ক অপাৰেটৰসকলক প্ৰতিনিধিত্ব কৰা এটা গোলকীয় উদ্যোগ সংস্থাই শেহতীয়াকৈ প্ৰকাশ কৰা এক প্ৰতিবেদনত অনুমান কৰা হৈছে যে ২০২৩ চনৰ পৰা ২০৪০ চনৰ ভিতৰত ই ভাৰতীয় অৰ্থনীতিক৩৬.৪ ট্ৰিলিয়ন (৪৫৫ বিলিয়ন ডলাৰ) লাভৱান কৰাৰ সম্ভাৱনা আছে ৷