মধ্যপ্ৰদেশৰ মৰেনাত আয়োজিত এখন কৃষি মেলাত এটা ম’হ মেলাত উপস্থিত হোৱা কৃষকসকলৰ বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ কাৰণ এই ম’হটো নোট প্ৰিণ্টিং কৰা মেচিনতকৈ কোনো গুণেই কম নহয়।কাৰণ এই ম’হটোৰ যোগেদি প্ৰতিমাহে মালিকে উপাৰ্জন কৰে ১২ লাখ টকা পৰ্যন্ত ।
এতিয়ালৈকে হোৱা এই ম’হটোৰ খৰছ দহ কোটি টকা হৈছে যদিও ইয়াৰ মালিকে ইয়াক বিক্ৰী কৰিবলৈ একেবাৰেই সাজু হোৱা নাই। মৰেনাৰ কৃষি মেলালৈ হাৰিয়ানাৰ পৰা অনা হৈছে গোলু-২ নামৰ এই ম’হটো ৷
১১ নৱেম্বৰৰ পৰা মৰেনাত আয়োজন কৰা হৈছে তিনিদিনীয়া কৃষি মেলাৰ । তিনিদিনীয়া এই কৃষি মেলাত অংশগ্ৰহণৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কৃষকসকলৰ আগমন ঘটিছে। এই কৃষকসকলৰ ভিতৰত উপস্থিত আছে হাৰিয়ানাৰ কৃষক নবীন সিঙক যি লগত লৈ আহিছে এটা ম’হ। এই ম’হটোৰ নাম গোলু-২। এই গোলু২ নামৰ ম’হটোৰ বাবেই নবীন সিঙো সমগ্ৰ মেলাত আটাইতকৈ চৰ্চিত কৃষক হিচাপে পৰিগণিত হৈছে।
কৃষক নবীনে জানিবলৈ দিয়া মতে তেওঁ নিজৰ ম’হটোৰ খাদ্য-পানীয়ৰ বিশেষ যত্ন লয়। প্ৰতিদিনে ম’হৰ খাদ্যৰ নামত তেওঁৰ খৰচ হয় প্ৰায় দহ হাজাৰ টকা ৷ গোলুৱে ১ দিনত আধা লিটাৰ দেশী ঘিউ খায়। ইয়াৰ উপৰিও প্ৰায় ২০ লিটাৰ গাখীৰও খায়। ইয়াৰ লগতে শুকান ফল-মূলো খুৱোৱা হয় গোলুক ।লগতে খাদ্য হজম কৰিবলৈও দিয়া হয় ঔষধো৷ মুঠতে প্ৰতিদিনে ম’হৰ খাদ্যৰ নামত প্ৰায় দহ হাজাৰ টকা খৰচ হয় নবীনৰ।
নবীনে কয় যে তেওঁৰ ম’হটোৱে প্ৰতিমাহে উপাৰ্জন কৰে প্ৰায় ১২ লাখ টকা । নবীনে কয় যে গোলু-২ ৰ বীৰ্যৰ চাহিদা বহুত। এবাৰতে উলিওৱা বীৰ্যৰ পৰা প্ৰায় ২০০০ ইউনিট বীৰ্য্য প্ৰস্তুত কৰা হয় আৰু ইয়াৰ এটা ইউনিট বিক্ৰী হয় ৩০০ টকাত। মাহত ৪ বাৰ বীৰ্য আঁতৰোৱা হয়। এনেদৰে ৮০০০ ইউনিটৰ পৰা এমাহত উপাৰ্জন কৰা হয় প্ৰায় ১২ লাখ টকা ।
নবীনে নিজৰ এই ম’হটোক লৈ গৈছিল চিত্ৰকূট মেলালৈ। ইয়াত এজন খেতিয়কে ম’হটোৰ দাম দহ কোটি টকা বুলি কৈছিল, কিন্তু নবীনে দহ কোটি টকাতো বিক্ৰী কৰা নাছিল গোলুক। নবীনে কয় যে তেওঁ গোলুক বহুত ভাল পায় আৰু এতিয়া ম’হটোৱে ১২ বছৰত আৰু বহুত টকা উপাৰ্জন কৰিব।