প্ৰথমবাৰলৈ ইতিহাস ৰচি দেশৰ শ্বেয়াৰ বজাৰত বি এছ ই ছেনছেক্স ৬০ হাজাৰ অতিক্ৰম কৰিলে।
শুকুৰবাৰে শ্বেয়াৰ বজাৰ মুকলি হোৱাৰ লগে লগে বি এছ ই ছেনছেক্স আৰু এন এছ ই নিফটীৰ সূচাংক বৃদ্ধি পোৱা দেখা যায় আৰু সামৰণি পৰা সময়ৰলৈকে ছেনছেক্স ০.২৭ শতাংশ বৃদ্ধি হৈ ৬০.৩৩৩ পইন্ট পায়গৈ।
একেদৰে এন এছ ই নিফটী ৩০.২৫ পইন্ট তথা ০.১৭ শতাংশ বৃদ্ধি হৈ সৰ্বকালৰ শিখৰত উপণীত হৈ ১৭.৮৫৩ পইন্টত সামৰণি পৰে।
খবৰ অনুসৰি ছেনছেক্সৰ এই উত্থানৰ সময়ছোৱাত মহিন্দ্ৰ এণ্ড মহিন্দ্ৰ,এইচ চি এল টেক,এইচ ডি এফ চি বেংক,ভাৰতী এয়াৰটেল,মাৰুতি আৰু ইনফ’ছিছৰ শ্বেয়াৰ প্ৰায় ৪ শতাংশ বৃদ্ধি পাইছিল।
উল্লেখযোগ্য যে ইয়াৰপূৰ্বে ১৯৯০ চনত প্ৰথম বাৰৰ বাবে ছেনছেক্স এহেজাৰ পইন্ট অতিক্ৰম কৰিছিল।সুদীৰ্ঘ ৩১ বছৰৰ অন্তত এই ছেনছেক্স ৬০ হাজাৰ অতিক্ৰম কৰি ইতিহাস ৰচিলে।
ইফালে বি এছ ইৰ এম ডি আৰু চি ই অ’ আশিস কুমাৰ চৌহানে প্ৰকাশ কৰা মতে ছেনছেক্স ৰ এই উত্থান দেশৰ বিকাশ বৃদ্ধিৰ সম্ভাৱনীয়তাক প্ৰতিফলিত কৰিছে।
ক’ভিডৰ এই অস্থিৰ সময়ছোৱাতো ভাৰতে গ্ৰহণ কৰা কঠোৰ সংস্কাৰমূলক মুদ্ৰা নীতিৰ বাবেই এই বৃদ্ধি সম্ভৱ হৈ উঠিছে বুলিও বহু অৰ্থনীতিবিদে মত প্ৰকাশ কৰিছে।