এয়াৰ ইণ্ডিয়া নামৰ বিমান প্ৰতিষ্ঠানটোৱে শেহতীয়াকৈ তেওঁলোকৰ কেবিন ক্ৰিউৰ সদস্য সকলক কম অলংকাৰ পৰিধান কৰিবলৈ নিৰ্দেশ দিছে ৷ ছিকিউৰিটি চেকৰ সময়ত যাতে বিমান যাত্ৰীসকলে অধিক সময় অপেক্ষা কৰিব লগীয়া নহয় সেই কথা লক্ষ ৰাখি বিমান প্ৰতিষ্ঠানটোৱে সদস্য সকলক এই নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে ৷ আনাহাতে ইমিগ্ৰেচন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত কেবিন ক্ৰিউৰ সদস্য সকলক ডিউটি ফ্ৰী বিপণীলৈ নাযাবৰ বাবেও পৰামৰ্শ প্ৰদান কৰিছে উক্ত প্ৰতিষ্ঠানটোৱে ৷ মূলতঃ নিৰ্ধাৰিত সময়ত যাতে বিমানৰ উৰণ সম্পন্ন হয় সেই কথা নিশ্চিত কৰিবৰ বাবেই এনে ধৰণৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে এয়াৰ ইণ্ডিয়াই ৷
উল্লেখযোগ্য যে যোৱা ২৭ জানুৱাৰীত আনুষ্ঠানিক ভাৱে এয়াৰ ইণ্ডিয়া বিমান প্ৰতিষ্ঠানটোৰ কৰ্তৃত্ব গ্ৰহণ কৰিছিল দেশৰ ভিতৰতে এক আগশাৰীৰ প্ৰতিষ্ঠান টাটা গ্ৰুপে ৷