ভাৰতৰ সকলো বিমান প্ৰতিষ্ঠান আৰু বিমান বন্দৰক ভাৰতীয় সংগীত বজোৱাৰ পৰামৰ্শ দিছে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ৷ ভাৰতীয় সংগীতৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি ২৩ ডিচেম্বৰত অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ কৰি ভাৰতৰ বিমান প্ৰতিষ্ঠান আৰু বিমান বন্দৰ সমূহত ভাৰতীয় সংগীত বজোৱাৰ বাবে আহ্বান জনাইছিল ইণ্ডিয়ান কাউন্সিল অৱ কালচাৰেল ৰিলেচন্ছ (আই চি চি আৰ )নামৰ সংস্থাটোৱে ৷ ইয়াৰ পিছতে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এই কথা গুৰুত্ব সহকাৰে লৈ বিমান বন্দৰ তথা বিমান বন্দৰৰ ভিতৰত ভাৰতীয় সংগীত বজোৱাৰ পৰামৰ্শ আগবঢ়ায়৷ মন্ত্ৰালয়ৰ এই পদক্ষেপে নিশ্চয়কৈ ভাৰতীয় সংগীতক প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হ’ব ৷