ৰাকেশ ঝুনঝুনৱালাৰ ‘আকাশা এয়াৰ’ নামৰ বিমান প্ৰতিষ্ঠানৰ সেৱা অহা ৭ আগষ্টৰ পৰা আৰম্ভ হ’ব ৷ আজি এক বিবৃতিৰ জৰিয়তে বিমান প্ৰতিষ্ঠানটোৱে এই কথা সদৰী কৰিছে ৷ ‘আকাশা এয়াৰ’-এ মুম্বাই-আহমেদাবাদ পথত বয়িং ৭৩৭ মেক্স বিমানৰ জৰিয়তে প্ৰথমবাৰৰ বাবে মুম্বাই-আহমেদাবাদ পথত প্ৰথমখন বাণিজ্যিক বিমানৰ সেৱা আৰম্ভ কৰিব ৷
আকাশা এয়াৰে জনোৱা মতে, ৭ আগষ্টৰ পৰা মুম্বাই-আহমেদাবাদ পথত সাপ্তাহিকভাৱে চলিবলগীয়া ২৮খন বিমানৰ টিকট বিক্ৰী আৰম্ভ কৰা হৈছে ৷ তদুপৰি ১৩ আগষ্টৰ পৰা বেংগালুৰু-কোচি পথত ২৮খন বিমানৰ টিকট বিক্ৰী আৰম্ভ কৰিছে।বিমান পৰিবহণ সংস্থাটোৱে জনোৱা মতে, দুখন বয়িং ৭৩৭ মেক্স বিমানত চলোৱা হ’ব। ইতিমধ্যে বয়িঙে এখন বিমান প্ৰতিষ্ঠানটোক প্ৰদান কৰিছে ৷ দ্বিতীয়খন বিমান চলিত মাহৰ শেষৰ ফালে তেওঁলোকে লাভ কৰিব ৷
আকাশা এয়াৰৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য বাণিজ্যিক বিষয়া প্ৰবীন আয়াৰে কয় যে মুম্বাই আৰু আহমেদাবাদৰ মাজত একেবাৰে নতুন বয়িং ৭৩৭ মেক্স বিমানৰ জৰিয়তে বিমান সেৱা আৰম্ভ কৰিব ৷ তেওঁ লগতে কয় -‘আমি আমাৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছো ৷ পৰ্যায়ক্ৰমে অধিক চহৰক সংযোগ কৰা হ’ব ৷ কাৰণ আমি প্ৰতিমাহে দুখন বিমান লাভ কৰিম ৷ “
বিমান নিয়ন্ত্ৰক অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ৭ জুলাইত আকাশা এয়াৰক এয়াৰ অপাৰেটৰ চাৰ্টিফিকেট (এঅ’চি) প্ৰদান কৰিছিল।আগষ্ট মাহত ডিজিচিএৰ পৰা সেউজ সংকেত লাভ কৰাৰ পিছত আকাশা এয়াৰে যোৱা বছৰৰ ২৬ নৱেম্বৰত বয়িঙৰ সৈতে ৭২খন মেক্স বিমান ক্ৰয় কৰাৰ বাবে চুক্তিবদ্ধ হৈছিল।