বৰ্তমান সময়ৰ এক জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুক (মেটা)ৰ বিৰুদ্ধে প্ৰায় ৪.৪কোটি ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্যৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈছে বৃটেইনত ৷অভিযোগত উল্লেখ কৰা অনুসৰি ফেচবুক ব্যৱহাৰকাৰী সকলৰ ব্যক্তিগত তথ্য আদান-প্ৰদানৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে অনৈতিকভাৱে বিশাল পৰিমাণৰ ধনৰাশি লাভ কৰি আছে ৷ এই বিষয়ে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ইতিমধ্যে বৃটেইনৰ এখন আদালতত ৩২০কোটি ডলাৰৰ ক্ষতিপূৰণৰ এক অভিযোগ দাখিল কৰা হৈছে ৷
উল্লেখযোগ্য যে ২০১৫চনৰ পৰা ২০১৯চনৰ ভিতৰত ফে’চবুকৰ ব্যক্তিগত তথ্য অপব্যৱহাৰৰ অভিযোগত ব্ৰিটেইনৰ ফাইনেন্সিয়েল কণ্ডাক্ট অথৰিটীৰ জেষ্ঠ উপদেষ্টা তথা আইনী বিষয়া লাৱদাল গোৰ্মছানে আদালতত এই গোচৰ ৰুজু কৰিছে ৷ লণ্ডনৰ কম্পিটিচন আপীল ট্ৰিবিউনেলে এই গোচৰ সন্দৰ্ভত অতিশীঘ্ৰেই ৰায়দান কৰিব ৷