কেইবাটাও আগশাৰীৰ প্ৰতিষ্ঠানৰ পাছত এইবাৰ আমাজনে চাটাই কৰিব ইয়াৰ কর্মচাৰী ৷ ব্যয় ৰাহি কৰিবলৈ অনলাইন মাৰ্কেটিং কোম্পানী আমাজনে শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈছে। ৩ লাখ শ্ৰমিকৰ ৬ শতাংশ অৰ্থাৎ ১৮ হাজাৰ শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব। একেলগে ইমানবোৰ চাকৰিৰ চাটাই আমাজনৰ ইতিহাসত সৰ্বোচ্চ হিচাপে বিবেচিত হৈছে । কোনখন দেশৰ পৰা শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব ,এই সন্দৰ্ভত একো নিশ্চিত হোৱা নাই ৷
তথাপিও সূত্ৰই প্ৰকাশ কৰিছে যে ইউৰোপক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। হঠাৎ এই পদক্ষেপ কিয় লোৱা হৈছে তাক লৈয়ো চর্চা আৰম্ভ হৈছে ৷ আমাজনৰ চিইঅ’ এণ্ডি জেছিৰ প্ৰকাশ কৰা অনুসৰি যোৱা কেইবছৰমানৰ পৰা ঠিকাভিত্তিক নিযুক্তিৰ সিদ্ধান্ত লোৱা হৈছিল। এই সময়ছোৱাত সংগঠনটোৱে বহু উত্থান-পতনৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল। প্ৰতি বছৰে অধিক কৰ্মচাৰী নিযুক্তি দিয়াৰ ধাৰণাটো অৰ্থহীন। অনিশ্চিত অৰ্থনীতিৰ কথা মনত ৰাখি চাটাইৰ সিদ্ধান্ত লোৱা হৈছে।