বাৰ্ষিক পৰিচালনা পৰিকল্পনা পৰ্যালোচনা প্ৰক্ৰিয়া আৰু ব্যয় হ্ৰাস কৰিবলৈ ভাৰতত পাইকাৰী বিতৰণ ব্যৱসায় বন্ধ কৰি দিছে আমাজনে। তিনিখন চহৰত ক্ৰমে বেংগালুৰু, মহীশূৰ, আৰু হুবলিৰ পৰা এই বিতৰণ প্ৰক্ৰিয়া পৰিচালনা কৰা হৈছিল ৷ । ইয়াৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায়ক সহায় কৰিবলৈ স্থানীয় দোকান যেনে কিৰানা ষ্ট’ৰ, ফাৰ্মাচী আৰু ডিপাৰ্টমেণ্ট ষ্ট’ৰত পোনপটীয়াকৈ পাইকাৰীভাৱে সামগ্ৰী বিতৰণ কৰি আহিছিল ৷
অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতে বৰ্তমান ব্যয় হ্ৰাসৰ ব্যৱস্থা গ্ৰহণ কৰি আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানটোৱে ৷ ক’ভিডৰ পিছত অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতে কোম্পানীটোৱে নিজৰ বিশ্বব্যাপী ব্যৱসায়ক কেন্দ্ৰ কৰি খৰচ কৰ্তনৰ সিদ্ধান্ত লয়। সংবাদ মাধ্যমৰ এটা বিবৃতিত আমাজনে নিশ্চিত কৰিছে যে কোম্পানীটোৱে বাৰ্ষিক পৰিচালনা পৰিকল্পনা পৰ্যালোচনা প্ৰক্ৰিয়াৰ অংশ হিচাপে তেওঁলোকৰ পাইকাৰী ই-কমাৰ্চ বিভাগ আমাজন ডিষ্ট্ৰিবিউচন বন্ধ কৰিব। ২০২২ চনৰ ২৯ ডিচেম্বৰৰ পৰা এই সেৱা বন্ধ হ’ব ৷
তাৎপৰ্যপূৰ্ণভাৱে ভাৰতত কোম্পানীটোৱে বন্ধ কৰা এয়া তৃতীয়টো ব্যৱসায়। ইয়াৰ পূৰ্বে কোম্পানীটোৱে খাদ্য ডেলিভাৰী সেৱা- আমাজন ফুড আৰু আমাজন একাডেমী বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল। ২০২০ চনত বেংগালুৰুত ভিত্তি কৰি পাইলট প্ৰজেক্ট হিচাপে আমাজনৰ খাদ্য ডেলিভাৰী সেৱা আৰম্ভ কৰা হৈছিল। এতিয়া ২৯ ডিচেম্বৰৰ পৰা এই সেৱা বন্ধ হ’ব।ইফালে কোম্পানীটোৱে ২০২৩ চনৰ আগষ্ট মাহৰ পৰা ইয়াৰ এড-টেক ছেগমেণ্ট- আমাজন একাডেমী, বন্ধ কৰিব।আমাজনে জেইইৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ অভিযান্ত্ৰিক ছাত্ৰ-ছাত্ৰীৰ বাবে অনলাইন লাৰ্নিং প্লেটফৰ্ম হিচাপে এমাজন একাডেমী আৰম্ভ কৰিছিল।