এছিয়াৰ ভিতৰতে সর্বাধিক ধনী মহিলা হিচাপে পৰিচিত হৈছে অসমৰ জীয়ৰী সাবিত্ৰী জিন্দাল ৷ চীনৰ সম্পদ সংকটৰ পাছতে ইয়াং হুনয়ান অত্যাধিক লোকচানৰ সন্মুখীন হোৱাৰ পাছতে জিন্দাল এছিয়াৰ ভিতৰত সর্বাধিক দনী মহিলাৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷ শুকুৰবাৰে ইয়াঙক ব্লুমবাৰ্গ বিলিয়নাৰ্ছ সূচকাংকত অতিক্ৰম কৰিবলৈ সক্ষম হয় সাবিত্ৰী জিন্দালে ৷ ধাতু আৰু শক্তি উৎপাদনকে ধৰি উদ্যোগৰ সৈতে জড়িত জিন্দাল গ্ৰুপৰ স্বত্বাধিকাৰী জিন্দালৰ সম্পত্তিৰ পৰিমান ১১.৩ বিলিয়ন ডলাৰ ৷
উল্লেখ্য যে জিন্দালৰ জন্ম হৈছিল অসমৰ তিনিচুকীয়াত। তীখা আৰু শক্তি খণ্ডৰ ব্যৱসায়িক সংস্থা জিন্দাল গ্ৰুপ প্ৰতিষ্ঠা কৰা ওম প্ৰকাশ জিন্দালৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। জিন্দাল হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী আছিল আৰু হিছাৰ সমষ্টিৰ পৰা হাৰিয়ানা বিধানসভাৰ সদস্য আছিল। ২০১৪ চনত হাৰিয়ানা বিধানসভাৰ হৈ অনুষ্ঠিত হোৱা নিৰ্বাচনত তেওঁ পৰাজিত হয় ৷ ২০০৫ চনত হেলিকপ্টাৰ দুৰ্ঘটনাত স্বামী অ’ পি জিন্দালৰ মৃত্যু হোৱাৰ পিছত তেওঁ গ্ৰুপটোৰ কাম কাজ চোৱাচিতা কৰে ৷ সাবিত্ৰী জিন্দাল ভাৰতৰ আটাইতকৈ ধনী মহিলা ৷ ২০১৬ চনত বিশ্বৰ ৪৫৩ সংখ্যক ধনী ব্যক্তিও আছিল জিন্দাল ।