VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পাম তেলৰ খেতিয়ে মৰুভূমিলৈ পৰ্যবেসিত কৰিব নেকি উত্তৰ-পূৰ্বাঞ্চলৰ লাখ লাখ হেক্টৰ ভূমি?

voicedesk by voicedesk
September 7, 2021
in অৰ্থনীতি, জীৱন, সমাজ
পাম তেলৰ খেতিয়ে মৰুভূমিলৈ পৰ্যবেসিত কৰিব নেকি উত্তৰ-পূৰ্বাঞ্চলৰ লাখ লাখ হেক্টৰ ভূমি?
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

যিটো সময়ত সমগ্ৰ বিশ্বই পাম তেলৰ খেতি বন্ধ কৰিবলৈ উদ্যত হৈছে ঠিক তেনে সময়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত পাম তেলৰ খেতি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তই সংশ্লিষ্ট মহলত তীব্ৰ জোকাৰণি সৃষ্টি কৰিছে।

খবৰ অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এক অভিলাষী আঁচনিক অনুমোদন জনাইছে কেন্দ্ৰ চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি ১১,০৮০ কোটি টকাৰ ব্যয়েৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৯ লাখ হেক্টৰ ভূমিত কৰিব পাম তেলৰ খেতি।

কেন্দ্ৰৰ এই সিদ্ধান্ত গ্ৰহণৰ কথা প্ৰকাশ হোৱাৰ পিছতেই এতিয়া সৰৱ হৈ উঠিছে পৰিবেশবিদ তথা কৃষি বিজ্ঞানী সকল।কৃষি বিজ্ঞানী সকলৰ দাবী যে এই পাম তেলৰ খেতিয়ে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সমগ্ৰ অঞ্চল মৰুভূমিলৈ পৰ্যবেসিত কৰিব।

এক ইতিবাচক চিন্তাৰে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি যদিও কেন্দ্ৰ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ,তথাপি এই আঁচনিয়ে অঞ্চলটোৰ বৰ্ষাৰণ্যসমূহক সম্পূৰ্ণ ধ্বংস কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক মৰুভূমিলৈ ৰূপান্তৰিত কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে পৰিবেশ কৰ্মী তথা কৃষিবিজ্ঞানী সকলে।

তদুপৰি এই পাম তেলৰ খেতিৰ যোগেদি উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় এলেকা সমূহ বৃহৎ কৰ্প’ৰেট গোষ্ঠীৰ হাতলৈ যোৱাৰো পোষকতা কৰিছে পৰিবেশবিদ সকলে।অভিযোগ অনুসৰি এই আঁচনিৰ যোগেদি মূলতঃ আদানি আৰু পতঞ্জলিৰ দৰে বৃ্হৎ কৰ্প’ৰেট গোষ্ঠীৰ মুনাফাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই সিদ্ধান্ত লোৱা বুলিও চৰ্চা চলিছে।

তেনেক্ষেত্ৰত মেঘালয়ৰ সাংসদ আগাথা চাংমাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক পত্ৰ প্ৰেৰণ কৰি উদ্বিগ্নতা প্ৰকাশ কৰিছে।উল্লেখ যোগ্য যে আজিৰ পৰা তিনি দশক পূৰ্বে আন্দামান-নিকোবৰ দ্বীপপুঞ্জত এই খেতিয়ে ইমানেই বিৰূপ প্ৰভাৱ পেলাইছিল যে ১৯৮৮ চনত উচ্চতম ন্যায়ালয়ে আন্দামানত এই খেতিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিবলৈ বাধ্য হৈছিল।

সৰিয়হ,ছয়াবিন,বাদাম,সূৰ্যমুখীৰ পৰা উৎপাদন কৰা তেলতকৈ পাম তেলৰ ব্যয় কম যদিও এই খেতিয়ে জৈৱ-বৈচিত্ৰৰ প্ৰতি যি ভাবুকি কঢ়িয়াই আনিব পাৰে সেইয়া কল্পনাতীত বুলিও মত প্ৰকাশ কৰিছে কৃষিবিজ্ঞানী সকলে। হায়দৰাবাদৰ চেন্টাৰ ফৰ ছাচষ্টেনেবল এগ্ৰিকালচাৰৰ কৃষি বিজ্ঞানী জি ডি ৰমনজানেউলে কৰা এক গৱেষণাত পোহৰলৈ আহিছে যে এজোপা পাম তেলৰ গছে ভূগৰ্ভৰ পৰা দৈনিক ৩০০ লিটাৰ পানী আহৰণ কৰে।তেনেক্ষেত্ৰত এনে অঞ্চলত মাটীৰ আদ্ৰতা একেবাৰে হ্ৰাস পায়। তদুপৰি পাম তেলৰ খেতিত প্ৰচুৰ পৰিমাণে কীটনাশক ঔষধ প্ৰয়োগ কৰা হয় বাবে তেনে অঞ্চলত আন খেতি কৰাতো চিৰদিনৰ বাবেই অসম্ভৱ হৈ পৰে।

ভয়ংকৰ কথা যে আন্দামান –নিকোবৰ দ্বীপপুঞ্জত এই খেতি কৰাৰ ফলত সেই অঞ্চলৰ লাখ লাখ হেক্টৰ ভূমিত বনাঞ্চল ধ্বংস হোৱাৰ লগতে কৰ্কট ৰোগৰ বীজাণুও বৃদ্ধি পাইছিল।তেনেবোৰ কাৰণতে ইউৰোপিয়ান ফুড ছেফটী অথ’ৰিটীয়ে পাম তেল ব্যৱহাৰ কৰা বা এই তেলৰ খেতি কৰা আৰু আমদানি কৰাতো নিষেধাজ্ঞা জাৰি কৰিছিল।

অৱশ্যে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে এই সমগ্ৰ বিষয়টো দৃষ্টিগোচৰ কৰি স্পষ্টীকৰণ দি কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ বন ধ্বংস কৰি পাম তেলৰ খেতি কৰা নহয়। পাম তেল উৎপাদনৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ সুকীয়া ভূমি চিহ্নিত কৰা হৈছে বুলি উল্লেখ কৰে।কিন্তু এই খেতিৰ যোগেদি যে উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰলৈ ভাবুকি কঢ়িয়াই আনিব সেই বিষয় লৈ কোনো ধৰণৰ সদুত্তৰ দিব পৰা নাই।

ইফালে কেন্দ্ৰীয় কৃষি বিভাগৰ এক সূত্ৰে প্ৰকাশ কৰা মতে,ইতিমধ্যে অসম চৰকাৰে এই আঁচনিৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে। সেই অনুসৰি প্ৰথমাৱস্থাত বঙাইগাঁও, গোৱালপাৰা আৰু কামৰূপ(গ্ৰাম্য) জিলাৰ ৩৫০ হেক্টৰ ভূমিত পাম তেলৰ খেতিৰ বাবে অনুমোদন জনাইছে।

Previous Post

পৰেশ বৰুৱাৰ প্ৰস্তাৱ নাকচঃ অৰুণাচলবাসী অসমীয়াক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নিদিয়ে ইটানগৰে

Next Post

হাৰ্ট এটেক হোৱাৰ আগতে শৰীৰটোৱে দিয়ে বিশেষ সংকেত: জানো আহক এই বিষয়ে

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
হাৰ্ট এটেক হোৱাৰ আগতে শৰীৰটোৱে দিয়ে বিশেষ সংকেত:  জানো আহক এই বিষয়ে

হাৰ্ট এটেক হোৱাৰ আগতে শৰীৰটোৱে দিয়ে বিশেষ সংকেত: জানো আহক এই বিষয়ে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7