ৰাজ্যৰ পৰ্যটন উদ্যোগ সন্মুখীন হৈছে গভীৰ সংকটৰ । কৰ‘নাই কোঙা কৰি পেলাইছে ৰাজ্যৰ পৰ্যটন উদ্যোগ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত সংগতি ৰাখি গঢ় লৈ উঠা পৰ্যটন উদ্যোগটো বৰ্তমান গভীৰ লোকচানৰ সন্মুখীন হৈছে । দৈনিক জনমভূমি কাকতৰ এক বিশেষ প্ৰতিবেদনত উল্লেখ কৰা হৈছে এই বাতৰি ।
উল্লেখ্য যে কৰ’নাৰ বাবে দীৰ্ঘদিন ধৰি কঠোৰ নীতি নিয়ম বলবৎ হৈ থকাৰ বাবে কোটি কোটি টকা বিনিয়োগ কৰি গঢ়ি তোলা হোটেল , ৰিজ’ৰ্ট সমূহৰ গৰাকীসকল বৰ্তমান উপায়হীন হৈ পৰিছে । বহুতো ৰিজ’ৰ্ট , গেষ্ট –হাউচ , হোটেল আদি একেবাৰে বন্ধ হৈ যোৱাৰো উপক্ৰম হৈছে ।
কৰ’নাৰ এই সন্ত্ৰাসৰ সময়ত ৰাজ্যৰ এই পৰ্যটন উদ্যোগটোৰ লগত জড়িত লোকসকল শংকিত হৈ পৰিছে । পৰ্যটন উদ্যোগটোৰ লগত গাড়ী চালক , গাইড , ট্যুৰ অপাৰেটৰ , জীপ ছাফাৰী , হাতী ছাফাৰী , হোটেল –ৰেষ্টোঁৰা আদিত কাম কৰা বহুতো লোক এতিয়া বিপদত পৰিছে । কাকতখনত উল্লেখ কৰা মতে ৰাজ্য চৰকাৰে আজিলৈকে এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই ।
উল্লেখযোগ্য যে উদ্যোগটো পুনৰ উদ্ধাৰৰ বাবে চৰকাৰে বাজেটতো কোনো বিশেষ পেকেজ ঘোষণা নকৰিলে । পৰ্যটন উদ্যোগটোৰ সৈতে জড়িত বহুকেইটা সংগঠনে বিশেষ পেকেজ ঘোষণা কৰাৰ বাবে চৰকাৰৰ ওচৰত স্মাৰক পত্ৰ দখিল কৰিছিল যদিও তাৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নগ’ল । প্ৰতিবেদনত উল্লেখ কৰামতে কলিয়াবৰ সমষ্টিৰ সাংসদ জনেও আজিলৈকে তেঁওৰ সমষ্টিৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনে সন্মুখীন হোৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই ।
আনহাতে বছৰটোৰ শেষৰফালে কৰ’নাৰ তৃতীয় ঢৌ আহিব বুলি যি শংকা প্ৰকাশ কৰা হৈছে , সেই কথা যদি সঁচা বুলি প্ৰমাণিত হয় তেন্তে উচিত সময়ত পৰ্যটন উদ্যোগটো ৰক্ষা কৰিবৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াৰ লগত জড়িত লোকসকলৰ জীৱনলৈ ঘোৰ সংকট নামি আহিব । এনে পৰিস্থিতিত সকলোৱে উদ্যোগটো ৰক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপ দাবী কৰিছে বুলি উল্লেখ কৰিছে কাকতখনে ।