লকডাউন আৰু আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাৰ বাবে গভীৰ আৰ্থিক সংকটত ভূগিছে অসম ৰাজ্যিক পৰিবহণ নিগম । কৰ’না মহামাৰীৰ এনে দুৰ্যোগৰ সময়ত ৰাজহ সংগ্ৰহৰ পথ বন্ধ হৈ পৰাত সমস্যাত পৰিছে ৰাজ্যিক পৰিবহণ ব্যৱস্থা। উপাৰ্জন প্ৰায় শূণ্য হৈ পৰিছে পৰিবহণ নিগমৰ । দৈনিক জনমভূমি কাকতে প্ৰকাশ কৰিছে এই বিশেষ প্ৰতিবেদন ।
কাকতখনত উল্লেখ কৰা মতে বিগত দুমাহ ধৰি পৰিবহণ নিগমৰ ২,৫০০ খন বাছ বন্ধ হৈ পৰি আছে । ইয়াৰে ৯০০ খন পৰিবহণ নিগমৰ নিজা বাছ আৰু ১৬০০ খন নিগমৰ অধীনত চলা ব্যক্তিগত মালিকানাধীন বাছ । জানিবলৈ পোৱা মতে পৰিবহণ নিগমে এই বাছসমূহৰ পৰা মাহিলী প্ৰায় ৩-৪ কোটি টকা আয় কৰিছিল । ইয়াৰ উপৰিও পৰিবহণ নিগমৰ মাটিত থকা বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান , পেট্ৰল পাম্প আদিৰ পৰা মাহিলী ভাৰা হিচাপে নিগমে লাভ কৰিছিল প্ৰায় ৫০-৬০ লাখ টকা ।
পৰিবহণ নিগমৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো সাম্প্ৰতিক পৰিস্থিতিয়ে ভাবুকিৰ সৃষ্টি কৰিছে । কাকতখনত উল্লেখ কৰা মতে অসমৰ পৰিবহণ নিগমৰ কৰ্মচাৰীৰ মাহিলী দৰমহাৰ নামত খৰচ হয় প্ৰায় ৬.৫০ কোটি টকা। আনহাতে পৰিবহণ নিগমক ৰাজ্য চৰকাৰে মাহিলী ৰাজসাহায্য হিচাপে দিয়ে ২.৯০ কোটি টকা । সংগৃহীত ৰাজহ আৰু চৰকাৰৰ ৰাজসাহায্য কৰ্মচাৰীৰ মাহিলী দৰমহা দিঁওতেই শেষ হয় । আনকি কেতিয়াবা দৰমহাৰ ক্ষেত্ৰত টনাটনি অৱস্থাৰো সৃষ্টি হয় । এনে অৱস্থাত বিগত দুমাহ ধৰি উপাৰ্জনহীন হৈ থকা অসম পৰিবহণ নিগম এতিয়া সন্মুখীন হৈছে আৰ্থিক সংকটৰ ।
কাকতখনে উল্লেখ কৰা মতে বিগত বৰ্ষত চৰকাৰে নিগমৰ বাছসমূহ বিভিন্ন কামত খটুৱাইছিল । আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাৰ সময়তো ক’ভিড সম্পৰ্কীয় বিভিন্ন কামত বাছসমূহ ব্যৱহাৰ কৰা হৈছিল । যাৰ বাবে চৰকাৰে নিগমক প্ৰায় ৬০ কোটি টকা আদায় দিছিল । ফলত চলিত বছৰৰ তুলনাত যোৱা বছৰ দীঘলীয়া লকডাউনৰ পাচতো পৰিবহণ নিগম আৰ্থিক সমস্যাৰ সন্মুখীন হোৱা নাছিল।
কিন্ত বৰ্তমান পৰিবহণ নিগমৰ এনে আৰ্থিক সংকট অব্যাহত থাকিলে অনাগত দিনত চৰকাৰে কিদৰে এই সমস্যাৰ স’তে মোকাবিলা কৰিব সেয়া লক্ষণীয় হ’ব ।