শেহতীয়াকৈ বন্ধন বেংকৰ ব্ৰেণ্ড এম্বেছেডৰ ৰূপে নিযুক্তি দিয়া হৈছে ভাৰতৰ জনপ্ৰিয় প্ৰাক্তন ক্ৰিকেটাৰ সৌৰভ গাংগুলীক ৷ দেশৰ বেংকিং খণ্ডৰ পৰিসৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰাক্তন ক্ৰিকেটাৰ তথা বি.চি.চি.আইৰ সভাপতি সৌৰভ গাংগুলীক ব্ৰেণ্ড হিচাপে ঘোষণা কৰিছে বেংকটোৱে ৷ বন্ধন বেংকৰ বিভিন্ন প্ৰচাৰ অভিযানত এতিয়াৰ পৰা অংশ গ্ৰহণ কৰিব প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে ৷
এই সন্দৰ্ভত বন্ধন বেংকৰ পৰিচালন সঞ্চালক চন্দ্ৰশেখৰ ঘোষে কয় যে গ্ৰাহকৰ মাজলৈ বন্ধন বেংকক লৈ যাবৰ বাবেই তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷ লগতে গাংগুলীৰ দৰে এজন সফল ক্ৰিকেটাৰক বেংকটোৰ সৈতে জড়িত কৰাবলৈ পাই তেওঁলোক যথেষ্ট আনন্দিত ৷ গুৰুত্বপূৰ্ণ কথা যে বৰ্তমান সময়ত সমগ্ৰ দেশতে বিস্তাৰ লাভ কৰা এক আগশাৰীৰ বেংক প্ৰতিষ্ঠান বন্ধন বেংকে দেশৰ ৩৬খন ৰাজ্যৰ ভিতৰত ৩৪খন ৰাজ্যতে সেৱা আগবঢ়োৱাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলত ৫,৬৪৪টা শাখাৰ যোগেদি গ্ৰাহক সকললৈ সেৱা আগবঢ়াবলৈ সক্ষম হৈছে ৷
অৱশ্যে এইবাৰ প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ আগমণত আৰু অধিক প্ৰসাৰতা লাভ কৰিব বুলি তেওঁলোক আশাবাদী ৷