ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে মঙলবাৰে ২০২৩-২৭ বৰ্ষৰ বাবে মিডিয়া স্বত্বৰ নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷জানিবপৰা মতে বি চি চি আয়ে আই পি এলৰ ইতিহাসত প্ৰথম বাৰৰ বাবে নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা সকলৰ বাবে ই-নিলামৰ ব্যৱস্থা কৰিব আৰু এই প্ৰক্ৰিয়া আৰম্ভ হ’ব চলিত বৰ্ষৰ ১২জুনৰ পৰা ৷ এই সন্দৰ্ভত বি চি চি আইৰ সচিব জয় শ্বাহে কয় যে, ‘মিডিয়া স্বত্বৰ নিবিদাৰ জৰিয়তে মুঠ ৫০ হেজাৰ কোটি টকা আহৰণৰ লক্ষ নিৰ্ধাৰণ কৰা হৈছে ৷’
উল্লেখযোগ্য যে এইপৰ্যন্ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ বাবে ভাৰতত একমাত্ৰ লাইভ ষ্ট্ৰিমিং প্লেটফৰ্ম হিচাপে আছে ডিজনী প্লাছ হটষ্টাৰ ৷ তদুপৰি এইবাৰ আই পি এলত নতুনকৈ গুজৰাট আৰু লক্ষ্ণৌ ফ্ৰেন্সাইজিক অন্তৰ্ভুক্ত কৰাৰ পিচত ৬০ৰ পৰা ৭৪লৈ মেচৰ সংখ্যা বৃদ্ধি কৰাত নিলাম প্ৰক্ৰিয়াত অংশগ্ৰহণকাৰীৰ সংখ্যা বৃদ্ধি পিৱাৰো সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে জয় শ্বাহে