ক‘ভিড পৰিস্থিতিৰ মাজতে পৱিত্ৰ ঈদ উপলক্ষে কুৰবানিৰ বাবে এটা ছাগলীৰ দাম উঠিল ১১ লাখ টকা।যিটো খবৰে এতিয়া সংবাদ মাধ্যমৰ বাতৰিৰ শিৰোনাম হৈছে।
গুজৰাট চুৰাটৰ চাগৰামপুৰাৰ আছফাকে নামৰ এজন ব্যৱসায়ীয়ে দীৰ্ঘদিন ধৰি ছাগলীৰ ব্যৱসায় কৰি আহিছিল আৰু তেওঁ এই ছাগলীটো চুৰাটৰে অন্য এজন ব্যৱসায়ীক ১১ লাখ টকাত বিক্ৰী কৰি সংবাদৰ শিৰোনাম দখল কৰিছে।
আছফাকে সংবাদ মাধ্যমৰ আগত কয় যে ছাগলীটো পঞ্জাৱৰ বীটেল প্ৰজাতিৰ আছিল।বিশেষকৈ এই প্ৰজাতিৰ ছাগলী আন জাতৰ ছাগলীতকৈ বহুত বেছি ওখ হ‘য়। তৈমুৰ নামৰ এই ছাগলীটোৰ উচ্চতা আছিল ৪৬ ইঞ্চি আৰু ওজন আছিল ১৯২ কিলো।
ছাগলীৰ ব্যৱসায় কৰা আছফাকে প্ৰতিবছৰে কুৰবানিৰ সময়ত এনেকৈ চৰা দামত ছাগলী বিক্ৰী কৰি লাভাম্বিত হৈ অহাৰ কথাও উল্লেখ কৰে।বৰ্তমান ক‘ভিডৰ বাবে তেওঁ এই ছাগলীৰ ব্যৱসায় অনলাইন যোগে কৰি থকা বুলি কয়।
এনেকৈ চৰা দাম হোৱাৰ কাৰণ সোধাত তেওঁ কয় যে অসুস্থ বা আঘাতপ্ৰাপ্ত ছাগলী কুৰবানি দিয়া নহ‘য় লগতে ঈদৰ কুৰবানিৰ বাবে প্ৰতিবছৰে এনে সময়ত চৰা দামত ছাগলী বিক্ৰী হ‘য়। যাৰবাবে তৈমুৰৰ দাম ১১ লাখ পোৱা গ‘ল।
অকল তৈমুৰেই নহ‘য় আছফাকৰ ওচৰত আৰু বিভিন্ন প্ৰজাতিৰ ছাগলী আছে।আৰু এই ছাগলী সমূহ বিক্ৰী কৰিও বহু আছফাকে লক্ষাধিক টকা অৰ্জন কৰিছে। যদিও বীটল প্ৰজাতিৰ ছাগলী বিক্ৰী সৰ্বাধিক লাভাম্বিত হৈছে বুলি উল্লেখ কৰে।