শুনি আচৰিত হলেও সত্য যে, উত্তৰপ্ৰদেশৰ হস্তিনাপুৰৰ ওচৰৰ গড়মুক্তেশ্বৰ সংলগ্ন অঞ্চলত পোৱা দুমুখীয়া সাপৰ আন্তজাৰ্তিক বজাৰত মূল্য এক কোটি টকা।সাধাৰণতে গাঢ় ইটা ৰঙৰ এই সাপ ডালৰ নাম ৰেড চেণ্ড বোয়া বা দুমুখীয়া সাপ বুলিও জনা যায়।
মূলতে মাটিৰ তলতেই বেছি ভাগ সময় অতিবাহিত কৰা এই সাপৰ বিভিন্ন প্ৰজাতি পোৱা যায় যদিও ইয়াৰে পাতল ৰঙা ৰঙৰ আভা থকা প্ৰজাতিৰ সাপ ডালৰ মূল্য আন্তজাৰ্তিক বজাৰত বহুত বেছি হয়।সেইবাবেই এই প্ৰজাতি সাপৰ চোৰাং চালানো বৃদ্ধি পোৱা দেখা গৈছে।
উল্লেখ যোগ্য যে ১৯৭২ চনত ভাৰত চৰকাৰে এই প্ৰজাতিৰ সাপক সংৰক্ষিত প্ৰাণী হিচাপে ঘোষণা কৰিছিল।যিহেতু এই সাপৰ মূল্য সৰ্বাধিক হোৱাৰ মূলতে ইয়াত থকা বিষৰ পৰা বিভিন্ন মূল্যবান ঔষধ তৈয়াৰ কৰা হয়।
বিশেষকৈ যৌনশক্তি বৃদ্ধিৰ ক্ষেত্ৰত এই সাপৰ পৰা উদ্ভাৱন কৰা ঔষধৰ চাহিদা বজাৰত বহুত বেছি হোৱাৰ লগতে ইয়াৰ পৰা তৈয়াৰ কৰা ঔষধ সেৱন কৰিলে মানুহ বয়সৰ চাপ পৰাৰ পৰাও বাচি থাকিব পাৰে।
ইয়াৰোপৰি ভাৰতৰ লোক বিশ্বাস অনুসৰি এই সাপৰ পৰা মানুহৰ সৌভাগ্যৰ দ্বাৰ মুকলি হয়।এনেবোৰ বিশ্বাসৰ বাবেই এই প্ৰজাতিৰ সাপৰ মূল্য বজাৰত বৃদ্ধি পোৱা দেখা গৈছে।
অৱশ্যে আন্তজাৰ্তিক বজাৰত কেৱল যৌন শক্তি বৃদ্ধিৰ বাবে তৈয়াৰ কৰা ঔষধৰ বাবেই এই সাপৰ মূল্য এডালতে এক কোটি টকালৈ বৃদ্ধি হোৱা দেখা গৈছে।