ভাৰতবৰ্ষৰ ২০০টাকৈ ৰে’লৱে ষ্টেশ্যনত যাত্ৰীয়ে আচিৰেই লাভ কৰিবলৈ সক্ষম হ’ব বিল পৰিশোধ আৰু ৰিচাৰ্জৰ সুবিধা ৷ আনহাতে এই ষ্টেশ্যনসমূহতে পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ সুবিধাও উপলব্ধ হ’ব ৷
ভাৰতীয় ৰে’লৱেৰ সহযোগী সংস্থা ৰে’লটেলে ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভিক পৰ্যায়ৰ কাম আৰম্ভ কৰিছে ৷এই আঁচনিৰ অধীনত দেশৰ ২০০টা ৰে’লৱে ষ্টেশ্যনত বিশেষ ধৰণৰ কিঅ’স্ক মুকলি কৰা হ’ব ,য’ত এনে সুবিধা সমূহ গ্ৰহণ কৰিব পাৰিব ৰে’ল যাত্ৰী সকলে ৷ এনে কিঅ’ক্স সমূহত কমন ছাৰ্ভিচ চেণ্টাৰৰ জৰিয়তে আয়কৰো আদায় দিব পৰা যাব ৷