ভাৰতত এতিয়াৰ পৰা উপলব্ধ হৈছে নতুন ধৰণৰ বিয়েৰ। কাৰ্লছবাৰ্গ নামৰ কোম্পানীটোৱে ভাৰতত প্ৰচলন কৰিছে এই নতুন বিয়েৰ। কোম্পানীটোৱে ভাৰতীয় বজাৰত মুকলি কৰিছে টিউবৰ্গ হুৱাইটৰ নতুন পানীয়। ভাৰতত ইতিমধ্যে কাৰ্লছবাৰ্গ কোম্পানীৰ কাৰ্লছবাৰ্গ স্মুথ , কাৰ্লছবাৰ্গ এলিফেন্ট, টিউবৰ্গ গ্ৰীণ, টিউবৰ্গ স্ট্ৰং আৰু টিউবৰ্গ ক্লাছিকৰ দৰে বিভিন্ন ব্ৰেণ্ডৰ বিয়েৰ উপলব্ধ ।
প্ৰাপ্ত তথ্য মতে ডেনমাৰ্কৰ কোম্পানীয়ে স্ট্ৰং বিয়েৰ বিক্ৰী কৰাৰ ক্ষেত্ৰত প্ৰায়েই আগভাগ লোৱা দেখা যায়। তাৰ মাজতেই ভাৰতত বিশেষভাৱে হুৱাইট বিয়েৰৰ চাহিদা বৃদ্ধি পাইছে। উল্লেখ্য যে একশ্ৰেণীৰ লোকৰ মাজত এই বিয়েৰৰ জনপ্ৰিয়তা অতি বেছি। আনহাতে বীৰা , চিম্বা , হুৱাইট আওল আদিৰ দৰে কোম্পানীয়ে প্ৰীমিয়াম হুৱাইট বিয়েৰ বহুত আগতেই প্ৰচলন কৰিছে।
উল্লেখযোগ্য যে কাৰ্লছবাৰ্গৰ যি নতুন টিউবৰ্গ হুৱাইট ভাৰতত প্ৰচলন হৈছে , মহাৰাষ্ট্ৰত সেই ৫০০ মিলিলিটাৰ কেনৰ দাম ১৭০ টকা। আনহাতে ৩৩০ মিলিলিটাৰ গ্লাছৰ বটলৰ দাম ১৪০ টকা । জানিবলৈ পোৱা মতে ভাৰতৰ আন ঠাইতো অতি সোনকালে উপলব্ধ হ’ব এই বিয়েৰ।
কাৰ্লছবাৰ্গ ইণ্ডিয়াৰ মাৰ্কেটিংৰ উপ-সভাপতি পাৰ্থ ঝা য়ে জনোৱা মতে ডেনমাৰ্কৰ কোম্পানীৰ উৎপাদন আৰু বন্টন ক্ষমতাৰ ওপৰত ভিত্তি কৰিহে ভাৰতে হুৱাইট বিয়েৰ প্ৰচলন কৰাৰ পৰিকল্পনা কৰিছে। তেঁওৰ মতে টিউবৰ্গৰ এই নতুন বিয়েৰে ভাৰতীয় উদ্যোগ ক্ষেত্ৰ আৰু মজবুত কৰিব বুলি বিশ্বাস আছে । আনহাতে ভাৰতীয় ক্ৰেতাসকলৰ বাবে টিউবৰ্গ বিশেষভাৱে তৈয়াৰী এবিধ ইউৰূপীয়ান বিয়েৰ।