খাদ্য মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ উদ্দেশ্য আগত ৰাখি কেন্দ্ৰীয় চৰকাৰে অষ্ট্ৰেলিয়া আৰু কানাডাৰ পৰা আমদানি হোৱা মচুৰ দাইলৰ আমদানি শুল্ক সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিছে ৷ আনহাতে আমেৰিকাৰ পৰা আমদানি হোৱা মচুৰ দাইলৰ আমদানি শুল্ক পূৰ্বৰ ৩০ৰ পৰা ২২শতাংশলৈ হ্ৰাস কৰিছে ৷ ভাৰতৰ এই আমদানি শুল্ক ৰেহাই দিয়া প্ৰক্ৰিয়াটোক আদৰণি জনাইছে অষ্ট্ৰেলিয়াই ৷ আনহাতে ইয়াৰ ফলত ভাৰতলৈ অষ্ট্ৰেলিয়াত উৎপাদিত মচুৰ দাইল ৰপ্তানিৰ পৰিমাণ বৃদ্ধি পাব বুলি আশা কৰিছে অষ্ট্ৰেলিয়াৰ কৃষক সকলে ৷
উল্লেখ্য যে প্ৰতি কেজিত ৬৪টকা মূল্যৰ বিপৰীতে ভাৰতৰ বজাৰত অসাধাৰণ ভাৱে বৃদ্ধি পাইছে মচুৰ দাইলৰ দাম ৷ এনে মূল্যবৃদ্ধিৰ ফলতেই আমদানি শুল্ক ৰেহাইৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিবলৈ বাধ্য হৈ পৰিছে ভাৰত চৰকাৰ