চলিত বৰ্ষৰ ১ অক্টোবৰৰ পৰা ৰাজহুৱা খণ্ডৰ তিনিটাকৈ বিত্তীয় প্ৰতিষ্ঠানৰ চেকবুক অচল হৈ পৰিব।ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই উপভোক্তাসকলৰ বাবে এই নিৰ্দেশ জাৰি কৰিছে।
সেই অনুসৰি এলাহবাদ বেংক,অৰিয়েণ্টেল বেংক অফ কমাৰ্চ আৰু ইউনাইটেড বেংক ইণ্ডিয়াৰ চেকবুক সমূহ অচল হৈ পৰিব।
২০১৯ চনৰ আগষ্ট মাহত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে একত্ৰীকৰণ প্ৰক্ৰিয়াৰ যোগেদি দেশৰ ১০ টাকৈ ৰাজহুৱা খণ্ডৰ বেংকক ৪ টা বেংকলৈ ৰূপান্তৰিত কৰিছিল।
এই একত্ৰীকৰণ প্ৰক্ৰিয়াত অৰিয়েণ্টেল বেংক অফ কমাৰ্চ আৰু ইউনাইটেড বেংক অফ ইণ্ডিয়াক পঞ্জাৱ নেশ্যনেল বেংকৰ সৈতে চামিলকৰণ কৰা হৈছিল।ইয়াৰপিছতে পঞ্জাৱ নেশ্যনেল বেংক ভাৰতৰ দ্বিতীয় বৃ্হৎ বিত্তীয় প্ৰতিষ্ঠান ৰূপে পৰিগণিত হৈছিল।
একেদৰে ছিণ্ডিকেট বেংকক কানাড়া বেংকৰ সৈতে সংযোগ কৰাত দেশৰ চতুৰ্থ বৃ্হৎ বেংক হিচাপে স্বীকৃতি লাভ কৰাৰ লগতে অন্ধ্ৰ বেংক আৰু কৰ্পোৰেশ্যন বেংকক ইউনিয়ন বেংকৰ সৈতে চামিল কৰাত দেশৰ ভিতৰতে পঞ্চমটো বৃ্হৎ বেংক ৰূপে পৰিগণিত হয়।
পুনৰ এলাহাবাদ বেংকক ইণ্ডিয়ান বেংকৰ সৈতে চামিলকৰণ কৰাত সপ্তম বৃ্হৎ ৰাজহুৱা খণ্ডৰ বেংক হিচাপে পৰিগণিত হয়।কেন্দ্ৰ চৰকাৰৰ বিত্ত বিভাগৰ এই একত্ৰীকৰণ নীতি অনুসৰি ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পঞ্জাৱ নেশ্যনেল বেংক আৰু ইণ্ডিয়ান বেংকত গ্ৰাহকৰ বাবে নতুন চেকবুক প্ৰযোজ্য হ‘ব।