চীনৰ এটা প্ৰতিষ্ঠানে নির্মাণ কৰি উলিয়াইছে উৰণীয়া বাহন অথবা’ ফ্লায়িং কাৰ’ ৷ ৷ চীনৰ ইলেক্ট্ৰনিক বাহন নিৰ্মাতা কোম্পানী এক্সপেং ইনকৰ্পৰেশ্যনে নিৰ্মাণ কৰা এই “উৰণীয়া বাহন”খনৰ আৰবত প্ৰথমবাৰৰ বাবে প্ৰদর্শন কৰাৰ লগতে ৰাজহুৱাভাৱে উৰণ সম্পন্ন কৰে ৷ শীঘ্ৰে কোম্পানীটোৱে আন্তঃৰাষ্ট্ৰীয় বজাৰত বৈদ্যুতিক বিমানখন মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
এক্স ২ হৈছে দুখন আসনৰ বৈদ্যুতিক উলম্ব টেক অফ আৰু লেণ্ডিং বিমান য’ত প্ৰতিটো চুকত দুটাকৈ মুঠ আঠটা প্ৰপেলাৰেৰে উৰিব পাৰে ৷
সোমবাৰে ডুবাইত মানৱবিহীন ৯০ মিনিটৰ পৰীক্ষামূলক বিমান যাত্ৰা সম্পন্ন কৰা হয় ৷ নির্মাণকাৰী প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে যে নতুন বাহনখন পৰৱর্তী প্ৰজন্মৰ উৰণীয়া বাহনৰ এক নতুন ভিত্তিত হ’ব ৷
এক্সপেং এৰোহটৰ জেনেৰেল মেনেজাৰ মিংগুৱান কিউৱে কয় যে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ পর্যায়কৰমে বাহনখন মুকলি কৰি দিব ৷ প্ৰথমে ডুবাই চহৰ এইকাৰণে বাছি লোৱা হৈছিল যে ডুবাই বিশ্বৰ আটাইতকৈ উদ্ভাৱনীমূলক চহৰ।