নৱবৰ্ষত গ্ৰাহকসকলৰ বাবে এক ভাল খবৰ ৷ এইবাৰ সকাহ স্বৰূপে ৰাষ্ট্ৰীয় তেল বিপণন কোম্পানীবোৰে ২০২২বৰ্ষৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ১৯কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১০২.৫০ টকা হ্ৰাস কৰিছে।
১৯ কিলোগ্ৰামৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আজিৰ পৰা দিল্লীত ১৯৯৮.৫০ টকা হ’ব বুলি ইতিমধ্যে বিশেষ সূত্ৰৰ যোগে জানিব পৰা গৈছে ৷ ই ৰেষ্টুৰেণ্ট, ভোজনালয় আৰু চাহৰ দোকান আদিক কিছু সকাহ প্ৰদান কৰিব ৷ আজি অৰ্থাৎ ২০২২ বৰ্ষৰ জানুৱাৰীৰ ১ তাৰিখৰ পৰা কলকাতাত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য হ’ল ২০৭৪.৫ টকা ৷ একেদৰে, মুম্বাইত বাণিজ্যিক গেছ ১৯ কিলোগ্ৰাম চিলিণ্ডাৰৰ শেহতীয়া মূল্য হৈছে ১৯৫১টকা। তদুপৰি চেন্নাইত ১৯ কিলোগ্ৰামৰ বাণিজ্যিক গেছ চিলিণ্ডাৰ এতিয়া বিক্ৰী হ’ব ২,১৩৪.৫০ টকাত ।
যোৱা মাহত ১৯ কেজি এলপিজি চিলিণ্ডাৰৰ মূল্য ১০০ টকা বৃদ্ধি কৰা হৈছিল যাৰ ফলত দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২,১০১ টকা লৈ বৃদ্ধি হৈছিল যিটো ২০১২-১৩ বৰ্ষৰ পিছত দ্বিতীয় সৰ্বাধিক মূল্য আছিল ।অৱশ্যে ১৪.২ কিলোগ্ৰাম, ৫ কিগ্ৰা, ১০ কিলোগ্ৰাম বা ৫ কিলোগ্ৰাম চিলিণ্ডাৰৰ ওজনৰ অন্যান্য ঘৰুৱা চিলিণ্ডাৰৰ মূল্য বৰ্তমানো একেই আছে।ইয়াৰ পূৰ্বে ১ নৱেম্বৰত ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২৬৬ টকা বৃদ্ধি পাইছিল, যাৰ ফলত মূল্য ২,০০০.৫০ টকালৈ বৃদ্ধি হৈছিল।