উত্তৰ-পূবৰ যুৱক-যুৱতী সকলৰ যোগ্যতা বিকাশৰ বাবে মাদ্ৰাজৰ দৰে অসমতো স্থাপন হ’ব মেৰীটাইম বিশ্ববিদ্যালয়।উত্তৰ-পূবৰ জলপৰিবহন উন্নয়নৰ বাবে সাগৰ মালা প্ৰজেক্টৰ ওপৰত হোৱা আলোচনাত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ইয়াৰোপৰি তেওঁ উল্লেখ কৰে যে উত্তৰ-পূবত যিসকল যুৱক-যুৱতী আছে সেইসকলক বিভিন্ন যোগ্যতা প্ৰদান কৰা হ’ব যাৰ যোগেদি সকলোৱে বিশ্বত নিজৰ পৰিচয় দাঙি ধৰিব পাৰিব।
ইয়াৰ জৰিয়তে উত্তৰ-পূবৰ যুৱক-যুৱতীয়ে বিভিন্ন ক্ষেত্ৰত সুবিধা লাভ কৰিব।সাগৰৰ লগত উত্তৰ-পূবক কেনেকৈ সংযোগ কৰিব পাৰি সেই সম্পৰ্কেও চিন্তা-চৰ্চা কৰিব লাগিব।কেৱল জাহাজেৰে নহ’য় বিভিন্ন যোগ্যতাৰ জৰিয়তে সাগৰৰ লগত সংযোগ স্থাপন কৰিব লাগিব।
যিদৰে মাদ্ৰাজত মেৰীটাইম বিশ্ববিদ্যালয় আছে য’ত বিভিন্ন প্ৰযুক্তি বিদ্যাৰ লগতে বিভিন্ন যোগ্যতা প্ৰদান কৰা হ’য়।ঠিক সেইদৰে উত্তৰ-পূবৰ যুৱ প্ৰজন্মৰ বাবে অসমতো এখন প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে।
ইফালে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসা কৰি মন্ত্ৰীজনে কয় যে মোডীয়ে মনে-প্ৰাণে বিচাৰে উত্তৰ-পূব দেশৰ বিকাশৰ ইঞ্জিন হওঁক। যিহেতু উত্তৰ-পূব দেশৰ অষ্টলক্ষ্মী। এই অষ্টলক্ষ্মীক শক্তি দি হিন্দুস্তানক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাটো প্ৰধানমন্ত্ৰীৰ স্বপ্ন আৰু লক্ষ্য।