পৃথিৱীৰ বহু জীৱ-জন্তু এতিয়া বিলুপ্তিৰ পথত। সেয়েহে বিভিন্ন দেশৰ চৰকাৰে এই জীৱ-জন্তু সমূহৰ চিকাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। এই বিলুপ্তপ্ৰায় প্ৰাণীবোৰ ইমানেই ব্যয়বহুল যে ইয়াৰ খৰচৰ কথা যেন কল্পনাও কৰিব নোৱাৰি।শেহতীয়াকৈ ইংলেণ্ডত আবিৰ্ভাৱ হোৱা পৃথিৱীৰ আটাইতকৈ দামী মাছবিধো হ’ল তেনে এক বিৰল প্ৰজাতিৰ মাছ।’আটলাণ্টিক ব্লুফিন টুনা’ নামৰ এই মাছবিধ হৈছে বিশ্বৰ বজাৰত বিক্ৰী হোৱা আটাইতকৈ দামী মাছ। বিশ্বৰ ভিতৰতে আটাইতকৈ দামী মাছৰ অভিলেখ সৃ্ষ্টি কৰিবলৈ সক্ষম হৈছে এই বিলুপ্তপ্ৰায় আটলাণ্টিক ব্লুফিন টুনাই।
এই মাছৰ সুৰক্ষাৰ বাবে প্ৰতি বছৰে ২ মে’ত পালন কৰা হয় ‘বিশ্ব টুনা দিৱস’
এই মাছৰ সুৰক্ষাৰ বাবে প্ৰতি বছৰে ২ মে’ত বিশ্ব টুনা দিৱস পালন কৰা হয়। এইবিধ বিৰল প্ৰজাতিৰ মাছক সুৰক্ষিত কৰিবৰ বাবে ৰাষ্ট্ৰসংঘই ২০১৬ চনৰ ডিচেম্বৰ মাহত আনুষ্ঠানিকভাৱে বিশ্ব টুনা দিৱস উদযাপন কৰাৰ সিদ্ধান্ত লয়।বিলুপ্তপ্ৰায় এই আটলাণ্টিক ব্লুফিন টুনা মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ব্ৰিটেইন চৰকাৰে ।আনহাতে ব্ৰিটেইনত এই মাছবোৰ ধৰিলে কাৰাদণ্ড আৰু জৰিমনাও হ’ব পাৰে আৰু কোনোবাই যদি ভুলতে এই মাছ ধৰে তেন্তে তেওঁ লগে লগে ইয়াক সাগৰত এৰি দিব লাগে।
জানিবপৰা মতে ইংলেণ্ডৰ কৰ্ণৱালত ১০০ বছৰতকৈও অধিক সময় ধৰি আটলাণ্টিক ব্লুফিন টুনা দেখা পোৱা নাই বুলি বিশ্বাস কৰা হয়। আনহাতে আন ঠাইতো এই মাছবিধ প্ৰায়ে গ্ৰীষ্মকালতহে দেখা যায়।
এই মাছবিধৰ লগত জড়িত হৈ আছে বহুতো আমোদজনক কথা। এই মাছৰ আকাৰ টুনা প্ৰজাতিৰ ভিতৰতেই আটাইতকৈ ডাঙৰ আৰু ই অতি বেগেৰে সাঁতুৰিব পাৰে। এই বিলুপ্তপ্ৰায় মাছবিধ ছাবমেৰিনৰ পৰা অহা টৰ্পিডো অস্ত্ৰৰ দৰে। এই আকাৰৰ বাবে ই সাগৰত দীঘলীয়া দূৰত্বলৈকে তীব্ৰ বেগত সাঁতুৰিব পাৰে।
পৃথিৱীৰ আটাইতকৈ দামী মাছ ‘আটলাণ্টিক ব্লুফিন টুনা’-
বিশেষজ্ঞসকলৰ মতে ৩ মিটাৰ পৰ্যন্ত হ’ব পাৰে এই মাছৰ দৈৰ্ঘ্য আৰু ওজন হ’ব পাৰে ২৫০ কিলোগ্ৰাম পৰ্যন্ত । এই মাছে মানুহৰ কোনো ক্ষতি নকৰে আৰু আন সৰু মাছ ইয়াৰ খাদ্য।
উষ্ণ ৰক্তী এই আটলাণ্টিক ব্লুফিন টুনা মাছে অতি বেগেৰে সাঁতুৰিব পাৰে বিশ্যাব বজাৰত যাৰ সৰ্বোচ্চ মূল্য ২৩ কোটি পৰ্যন্ত হ’ব পাৰে।