ভাৰতৰ বলীউড জগতৰ এগৰাকী মোহময়ী তথা শক্তিশালী অভিনেত্ৰী দীপিকা পাডুকণ ৷ যি বহুকেইখন হিট ছবিৰ যোগেদি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ অভিনয়ৰ ওপৰিও বিভিন্ন সময়ত আকৰ্ষণীয় ব্যক্তিত্বৰ মোহময়ী অভিনেত্ৰী গৰাকীয়ে বিভিন্ন জনপ্ৰিয় ব্ৰেণ্ডৰ বিজ্ঞাপন সমূহৰ যোগেদিও সকলোকে আকৰ্ষিত কৰি আহিছে ৷ বহু প্ৰতিষ্ঠিত ব্ৰেণ্ডৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপেও চুক্তিবদ্ধ হৈছে দীপিকা ৷ ফ্ৰান্সৰ তেনে এক এক বিলাসী জুৱেলাৰী ব্ৰেণ্ড ‘কাৰ্টিয়েৰ’ ৷ যি ব্ৰেণ্ডৰ নতুন ব্ৰেণ্ড এম্বেছেডৰ হিচাপে চুক্তিবদ্ধ হৈছে বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকণ ৷ কাৰ্টিয়েৰৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত প্ৰকাশ কৰা অনুসৰি দীপিকাক ব্ৰেণ্ড এম্বেছেডৰ হিচাপে লাভ কৰাটো তেওঁলোকৰ বাবে অতি আনন্দৰ বিষয় ৷ আনহাতে দীপিকাৰ স্বামী ৰণবীৰ সিঙেও দীপিকাৰ এই সাফল্যত গৌৰৱ অনুভৱ কৰা বুলি প্ৰকাশ কৰিছে ৷
উল্লেখনীয় যে আজি কিছুদিনৰ পূৰ্বে জনপ্ৰিয় অভিনেত্ৰী দীপিকাই আন এটা বিলাসী ব্ৰেণ্ড ‘লুই ভুইটন’ৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে চুক্তিবদ্ধ হৈছিল ৷ অৱশ্যে শেহতীয়াকৈ মাদ্ৰিদত অনুষ্ঠিত হোৱা ‘কাৰ্টিয়েৰ’ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল দীপিকা পাডুকণে ৷