টুইটাৰে ব্যয় হ্ৰাস কৰিবলৈ দেশৰ ৩ টা কাৰ্যালয়ৰ ভিতৰত ২ টা কাৰ্যালয় বন্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ! যদিও এই খবৰ আনুষ্ঠানিকভাৱে প্ৰকাশ হোৱা নাই, সংস্থাটোৰ সূত্ৰ অনুসৰি দেশৰ ৰাজধানী দিল্লী আৰু বাণিজ্যিক চহৰ মুম্বাইৰ কাৰ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। তাত থকা কৰ্মচাৰীসকলক ঘৰৰ পৰাই কাম কৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে। কোটিপতি এলন মাস্কে টুইটাৰৰ মালিকীস্বত্ব লোৱাৰ পিছত এই মাইক্ৰ’ব্লগিং চাইটটোৱে দেশ-বিদেশৰ বহু শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। সেয়ে ভাৰততো দুটা কাৰ্যালয় বন্ধ কৰাৰ সিদ্ধান্তৰ বাবে বহু কর্মচাৰীয়ে চাকৰি হেৰুৱাৰ আশংকাত ভুগিছে।
টুইটাৰৰ সূত্ৰৰ মতে, বাংগালুৰুৰ কাৰ্যালয়ত এতিয়াৰে পৰা সকলো কাম চলি থাকিব। ভাৰতত টুইটাৰৰ কাৰিকৰী দিশটো মূলতঃ এই কাৰ্যালয়ৰ পৰাই পৰিচালিত হয়। কোম্পানীটোৰ টেকনিচিয়ানসকলে বাংগালুৰুৰ কাৰ্যালয়ত কাম কৰে। টুইটাৰৰ দায়িত্ব লোৱাৰ পিছত অৱশ্যে মাস্কে কয় যে কোম্পানীটোৰ বিত্তীয় অৱস্থা পুনৰ ঘূৰাই অনাৰ বাবে কোম্পানীটোৱে ২০২৩ চনলৈকে বিভিন্ন ক্ষেত্ৰত ব্যয় হ্ৰাস কৰিব । এই পৰিকল্পনাৰ অংশ হিচাপে টুইটাৰে ২০২২ চনৰ ভিতৰত ভাৰতৰ ৯০ শতাংশ কর্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে!
অৱশ্যে ফেচবুক, হোৱাটছএপৰ নিয়ন্ত্ৰক সংস্থা মেটা বা গুগলৰ নিয়ন্ত্ৰক সংস্থা আলফাবেটে ভাৰতক লাভৰ ক্ষেত্ৰত ‘সম্ভাৱ্য দেশ’ বুলি গণ্য কৰে। কিন্তু দেশত বিপুল সংখ্যক ব্যৱহাৰকাৰী থকাৰ পাছতো ভাৰতত টুইটাৰ কৰ্তৃপক্ষই কিয় ব্যৱসায়ৰ পৰিসৰ ক্ৰমান্বয়ে হ্ৰাস কৰিছে সেয়া এতিয়াও ৰহস্যজনক ৷