অৱশেষত বহু প্ৰতীক্ষাৰ অন্ত পেলাই আনুষ্ঠানিকভাৱে পুনৰ এয়াৰ ইণ্ডিয়াৰ মালিকীস্বত্ব লাভ কৰিলে টাটা গ্ৰুপে ৷ ৬৯ বছৰৰ পাছত বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে গ্ৰহন কৰে এয়াৰ ইণ্ডিয়াৰ মালিকীস্বত্ব ৷ টাটা চন্চৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে বৃহস্পতিবাৰে মালিকিস্বত্ব গ্ৰহণ কৰি কয় যে এয়াৰ ইণ্ডিয়া টাটা গ্ৰুপলৈ উভতি অহাৰ বাবে তেওঁ অতিশয় আনন্দিত। এয়াৰ ইণ্ডিয়াৰ আনুষ্ঠানিক হস্তান্তৰ সম্পূৰ্ণ হোৱাৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি চন্দ্ৰশেখৰণে কয়, ” হস্তান্তৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাত আমি অত্যন্ত আনন্দিত আৰু এয়াৰ ইণ্ডিয়াক টাটা গ্ৰুপলৈ ঘূৰাই পাই আমি অত্যন্ত সুখী। আমি বিশ্বমানৰ এয়াৰলাইন গঢ়ি তুলিবলৈ সকলোৰে সহযোগিতাৰে সক্ষম হ’ম বুলি আশাবাদী।”টাটা গ্ৰুপে যোৱা বছৰ অক্টোবৰত এয়াৰ ইণ্ডিয়া ক্ৰয় কৰিছিল । টাটা গ্ৰুপৰ বিষয়াসকলে বৃহস্পতিবাৰে এয়াৰ ইণ্ডিয়াৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিছিল।মালিকীস্বত্ব গ্ৰহণ কৰাৰ পূর্বে এন চন্দ্ৰশেখৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে ৷