এইবাৰ ভাৰতবৰ্ষৰ নাম অন্তৰ্ভুক্ত হৈছে অনলাইন গেমিঙৰ নামত সৰ্বাধিক ধন খৰছ কৰা দেশ সমূহৰ তালিকাত ৷ চলিত বৰ্ষতে ৩,৭৭০কোটি টকা অনলাইন গেমিং এপ্লিকেচনৰ নামত ব্যয় কৰিছে ভাৰতীয়ই ৷ ভাৰতত ৰিয়েলমানি গেমছৰ বজাৰৰ ৰাজহৰ পৰিমাণ ১৩,০০০কোটিতকৈয়ো অধিক হৈছে বুলি ক্ৰাফ্টন আই এন চি প্ৰতিস্থানটোৰ ভাৰত তথা মধ্য পূৱ আৰু উত্তৰ আফ্ৰিকাৰ মুৰব্বী অনুজ টেণ্ডনে ব্যক্ত কৰিছে ৷ তেওঁ জানিবলৈ দিয়া মতে ভাৰতীয় লোকসকলে বেটেল ৰয়েল ভিত্তিত ৪ৰ পৰা ৫টাকৈ মোবাইল গেমৰ নামত ইন এপ ক্ৰয় কৰি ব্যয় কৰা ধনৰ পৰিমাণ হৈছে প্ৰায় ৭৫৪ কোটি টকা ৷
উল্লেখযোগ্য কথা যে কৰ’ণা সংক্ৰমণৰ সময়ছোৱাত সৰহ সংখ্যক লোকেই মোবাইলত গেম খেলিবলৈ আৰম্ভ কৰাৰ বাবে মোবাইলৰ এনে গেমিং এপ্লিকেছন সমূহৰ চাহিদা আৰু ৰাজহৰ পৰিমাণো বৃদ্ধি পাবলৈ ধৰিছে অস্বাভাৱিক ৰূপত ৷