ডলাৰৰ বিপৰীতে ধাৰাবাহিকভাৱে হ্ৰাস পাবলৈ ধৰিছে ভাৰতীয় টকাৰ মূল্য৷ যাৰ ফলত যথেষ্ট প্ৰভাৱ পৰিছে ভাৰতীয় বিদেশী মুদ্ৰা ভাণ্ডাৰত ৷ কম সময়তে ভাৰতৰ বিদেশী মুদ্ৰা ভাণ্ডাৰে হেৰুৱাইছে বিদেশী মুদ্ৰা৷ চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহৰ ভিতৰত দেশখনে প্ৰায় ৮৫ বিলিয়ন ডলাৰৰ বিদেশী মুদ্ৰা হেৰুৱাৰ ফলত যে ভাৰতৰ বিদেশী মুদ্ৰা ভাণ্ডাৰৰ যথেষ্ট ক্ষতিসাধন হৈছে সেয়া সহজেই অনুমেয় ৷ আনহাতে বিশ্বৰ অন্যান্য উন্নয়নশীল দেশসমূহৰ ভিতৰত ই হৈছে বিদেশী মুদ্ৰা হ্ৰাসৰ দ্বিতীয় বৃহৎ পৰিমাণ ৷
যোৱা ১৪অক্টোবৰত ভাৰতৰ বিদেশী মুদ্ৰা ভাণ্ডাৰৰ পৰিমাণ আছিল ৫২৮.৪বিলিয়ন ডলাৰ ৷ উল্লেখ্য যে ২০২০ৰ জুলাইৰ পিছত ই আছিল সৰ্বনিম্ন ৷ চলিত বৰ্ষত মাৰ্কিন ডলাৰৰ পৰিৱৰ্তে টকাৰ মূল্য ১০%তকৈও আধিক হ্ৰাস পাইছে আৰু যোৱা সপ্তাহত প্ৰথমবাৰৰ বাবে প্ৰতি ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮৩টকা পৰ্যন্ত অৱনমিত হৈছে ৷