তালিবানে কাবুল দখল কৰাৰ পিছতেই এতিয়া ভাৰত আফগানিস্তানৰ বাণিজ্যিক সম্পৰ্কত প্ৰভাৱ পৰা দেখা গৈছে। তালিবানে বন্ধ কৰি দিছে দুয়োখন দেশৰ বাণিজ্যিক সম্পৰ্ক।
ফেডাৰেচন অৱ ইণ্ডিয়ান এক্সপ’ৰ্ট অৰ্গেনাইজেশ্যন চমুকৈ এফআইইঅ’ৰ সঞ্চালক প্ৰধান অজয় সহায়ে প্ৰকাশ কৰা অনুসৰি দীৰ্ঘদিন ধৰি দুয়োখন দেশৰ মাজত বিভিন্ন সামগ্ৰীৰ সৰবৰাহ হৈ আহিছিল যদিও তালিবানে এই যাতায়ত বন্ধ কৰি দিয়াত এতিয়া দুয়োখন দেশতে বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি পাব।
বিশেষকৈ পাকিস্তান হৈ যি পথেৰে ভাৰত-আফগানিস্তানৰ মাজত সামগ্ৰীৰ সৰবৰাহ হৈছিল বৰ্তমান সেই পথো তালিবানে বন্ধ কৰি দিছে।ফলত বিগত কেইবাদিন ধৰি ভাৰতলৈ কোনো সামগ্ৰী সৰবৰাহ হোৱা নাই। একেদৰে ভাৰতৰ পৰা আফগানিস্তানলৈও সকলো সামগ্ৰীৰ সৰবৰাহ বন্ধ হৈ পৰিছে।
ভাৰতে আফগানিস্তানলৈ চেনি,ঔষধ,বস্ত্ৰ, চাহ, কফী,মছলাকে ধৰি বিভিন্ন সামগ্ৰী ৰপ্তানি কৰাৰ বিপৰীতে শুকান ফলৰ ওপৰত ভাৰতে আফগানিস্তানৰ ওপৰত বিশেষভাৱে নিৰ্ভৰ কৰি চলিছিল।
এতিয়া দেশ দুখনৰ মাজত আমদানি-ৰপ্তানি সম্পূৰ্নৰূপে বন্ধ হৈ পৰাত ভাৰতৰ শুকান ফলৰ বজাৰত মন্দাৱস্থাই দেখা দিছে।তেনেক্ষেত্ৰত সঞ্চালক প্ৰধানজনে ভাৰতত শুকান ফলৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ কৰিছে।