ৰিছাৰ্চ ইউগ’ভৰ সহযোগত ‘ডি এছ পি পাল্ছ২০২২’শীৰ্ষক সমীক্ষা প্ৰস্তুত কৰি উলিয়াইছে ডি এছ পি মিউচুৱেল ফাণ্ডে ৷ এই সমীক্ষাৰ যোগেদি মহিলা আৰু পুৰুষসকলৰ মাজৰ বিনিয়োগ সম্বন্ধীয় আচৰণৰ লগতে বিনিয়োগ সম্বন্ধীয় সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত তেওঁলোকৰ অংশগ্ৰহণৰ ওপৰত এক আলোকপাত কৰা হৈছে ৷
এই সমীক্ষা অনুসৰি ৪০% পুৰুষে কোনো পেছাদাৰী পৰামৰ্শদাতাৰ পৰামৰ্শ নোলোৱাকৈ নিজৰ সিদ্ধান্ত অনুযায়ী বিনিয়োগ কৰে আনহাতে এই ক্ষেত্ৰত ২৭% মহিলাইহে পৰামৰ্শ অবিহনে নিজে বিনিয়োগ কৰাৰ সিদ্ধান্ত লয় ৷ আন কাৰোবাৰ সহায়ত বিনিয়োগ কৰাৰ ক্ষেত্ৰত আকৌ ৬৭% মহিলাই স্বামীৰ পৰামৰ্শ গ্ৰহণ কৰে যাৰ বিপৰীতে ৪৮% পুৰুষেহে পত্নীৰ সৈতে আলোচনা কৰি বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আনহাতে পিতৃৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰে ২৬% পুৰুষ আৰু ১০% মহিলাই ৷এই সমীক্ষা অনুসৰি বিনিয়োগৰ ক্ষেত্ৰত প্ৰতি তিনিজনৰ দুজন পুৰুষেই অৰ্থাৎ ৬৫% পুৰুষেই স্বতন্ত্ৰভাৱে সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইয়াৰ বিপৰীতে মহিলাৰ হাৰ হৈছে ৪৪% ৷
উল্লেখনীয় যে ডি এছ পি মিউচুৱেল ফাণ্ডে চলোৱা এই সমীক্ষাৰ যোগেদি মহিলাক স্বতন্ত্ৰ ভাৱে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ লগতে বিত্তীয় দিশ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আনৰ ওপৰত নিৰ্ভৰশীল নহৈ আত্মবিশ্বাসী কৰি তুলিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰা হয় ৷ এই সন্দৰ্ভত ডি এছ পি মেনেজাৰ্ছ প্ৰাইভেট লিমিটেডৰ উপাধ্যক্ষ অদিতি কোঠাৰী দেশায়ে কয় যে মহিলাক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমুকা পালন কৰিব তেওঁলোকৰ এম এফ ডি আৰু পৰামৰ্শ সহযোগী সকলে ৷