২০২১ বৰ্ষটোত দেশখনৰ ই-কমাৰ্চ খণ্ডত নিয়োগৰ হাৰ প্ৰায় ২৮% বৃদ্ধি পাইছে ৷ উক্ত বৰ্ষৰ ছেপ্টেম্বৰ-ডিচেম্বৰৰ ত্ৰিমাসিকত ৫৭% ই-কমাৰ্চ খণ্ডৰ প্ৰতিষ্ঠানে নিয়োগৰ সুযোগ আগবঢ়াইছে ৷ সময়ছোৱাত নিয়োগৰ সুযোগ মুকলি হৈছে যোগান শৃংখল ব্যৱস্থাপনা,ৱেৰ হাউচিং ,গ্ৰাহক সেৱা ব্যৱস্থাপনা আদি বিভিন্ন কাৰ্য্যক্ষেত্ৰত ৷ দেশখনৰ দ্বিতীয়ৰ পৰা চতুৰ্থ শ্ৰেণীৰ চহৰলৈকে সকলোতে ই-কমাৰ্চৰ পৰিসৰ বৃদ্ধি হৈছে ৷ যোৱা্টো বছৰত সৰ্বাধিক ই-কমাৰ্চ খণ্ডৰ নিয়োগৰ ক্ষেত্ৰত শীৰ্ষত থাকে ক’লকাতা আৰু গুৰগাওঁ ৷
এই খণ্ডৰ নিয়োগ সন্দৰ্ভত টিমলিজ ছাৰ্ভিচেজৰ উপাধক্ষ অজয় থমাছে কয় যে চলিত বৰ্ষ ২০২২ত ই-কমাৰ্চ খণ্ডৰ নিয়োগৰ হাৰ ৩২ শতাংশ বৃদ্ধি হয় ৷