দেশৰ কেইবাটাও আগশাৰীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানে হ্ৰাস কৰিলে খোৱাতেলৰ সৰ্বাধিক খুচুৰা মূল্য ( এম আৰ পি ) ৷ আদানি উইলমাৰ আৰু ৰুচি ছয়াকে ধৰি প্ৰতিষ্ঠান সমূহে হ্ৰাস কৰিছে খোৱা তেলৰ মূল্য ৷ আদানি উইলমাৰে ফৰচুন ব্ৰেণ্ড ,ৰুচি ছয়াই মহাকোষ ,ছানৰিচ,ৰুচি গ’ল্ড আৰু নিউট্ৰেলা বেণ্ডৰ আনহাতে ইমামিয়ে হেলডি আৰু টেষ্টি ব্ৰেণ্ডৰ ,বাংগে ডালদা,গগন,চম্বল ব্ৰেণ্ডৰ আৰু জেমিনীয়ে ফ্ৰিডম ছানফ্লাৱাৰ অইল ব্ৰেণ্ডৰ মূল্য ১০-১৫ শতাংশ হ্ৰাস কৰিছে ৷
উল্লেখনীয় যে কিছুদিনৰ আগতে কেন্দ্ৰীয় চৰকাৰে খেজুৰৰ তেল ,চয়াবিন তেল আৰু ছানফ্লাৱাৰ ছিড অইলৰ সাধাৰণ আবকাৰী শুল্ক যথেষ্ট হ্ৰাস কৰে ৷
শেহতীয়াকৈ কেন্দ্ৰীয় খাদ্য সচিব সুধাংশু পাণ্ডেয়ে চৰকাৰৰ এনে পদক্ষেপৰ সুবিধা উপভোক্তালৈ আগবঢ়াবৰ বাবে আগশাৰীৰ প্ৰতিষ্ঠান সমূহৰ বিষয়াৰ সৈতে এক আলোচনাত মিলিত হৈছিল ৷এছ’চিয়েচনে জানিবলৈ দিয়া মতে খোৱা তেলৰ ব্যৱহাৰ সন্দৰ্ভত ভাৰতত বাৰ্ষিক ২২ৰ পৰা ২২.৫নিযুট টন খোৱাতেল ব্যৱহাৰৰ প্ৰায় ৬৫% ই বাহিৰৰ পৰা আমদানি কৰা হয় ৷ অৱশ্যে বিগত দুটা বিপণন বৰ্ষত মহামাৰীৰ বাবে এই আমদানিৰ পৰিমাণ ১৩ নিযুট টনলৈ হ্ৰাস পাইছে ৷