আজি ‘ অসম শক্তি বিতৰণ নিগম লিমিটেড’ চমুকৈ এপিডিচিএলে এই কথা প্ৰকাশ কৰিছে যে মহানগৰীত কৃত্ৰিম বান বিধ্বস্ত এলেকাসমূহত পানীৰ স্তৰ হ্ৰাস হোৱাৰ পিছতহে গতানুগতিক হ’ব বিদ্যুৎ সেৱা ৷ বিশেষকৈ গুৱাহাটীৰ বিষ্ণুজ্যোতি পথ আৰু ৰুক্মিণীনগৰ অঞ্চলত পুনৰ বিদ্যুৎ যোগান ধৰিব পৰা যাব যাতে অঞ্চলকেইটাৰ আৱাসীসকলৰ সুৰক্ষা নিশ্চিত কৰিব পাৰি।
লক্ষণীয়ভাৱে, বিদ্যুৎ বিভাগে সোমবাৰে নিশাৰ পৰা অঞ্চলসমূহত প্ৰচুৰ বৰষুণৰ বাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি ৰাখিছে কিয়নো মহানগৰীৰ বহু অঞ্চল বানপানীৰ দ্বাৰা প্লাবিত হৈ আছে।
অৱশ্যে এপিডিচিএলে কৈছিল যে ,তেওঁলোকে নিৰন্তৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে।
এই সন্দৰ্ভত কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনে এক টুইটযোগে কয় “এপিডিচিএলৰ দ্বাৰা জনোৱা অনুসৰি, যিহেতু গুৱাহাটীৰ বিষ্ণুজ্যোতি পথ আৰু ৰুক্মিণীনগৰ অঞ্চল পানীত ডুব গৈছে, পানীৰ স্তৰ হ্ৰাস হোৱাৰ পিছতহে পুনৰ বিদ্যুৎ যোগান ধৰিব পাৰি যাতে আৱাসীসকলৰ সুৰক্ষা নিশ্চিত হয়। পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰা হৈছে,” ।