পৰিৱেশ সংৰক্ষণ আজিৰ তাৰিখত অতি গুৰুত্বপূৰ্ণ বিষয়। অসমতো পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰে’লৱে কতৃপক্ষই দেশৰ আন আন ৰে’লৱে মণ্ডলৰ লগতে ৰে’লপথসমূহৰ বৈদ্যুতিকীকৰণৰ কাম কৰি আছে।
উত্তৰ-পূব সীমান্ত ৰে’লৱে পৰিসেৱাই সামৰি লোৱা পশ্চিমবংগৰ ৰাণীনগৰ জলপাইগুৰিৰ পৰা ৰঙিয়া হৈ গুৱাহাটীলৈ প্ৰায় ৩৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথত বৈদ্যুতিকীকৰণৰ কাম ইতিমধ্যে সম্পন্ন হৈছে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক অংশুল গুপ্তাই মন্তব্য কৰা অনুসৰি অহা আগষ্ট মাহৰ ভিতৰত গুৱাহাটীলৈ বহিঃৰাজ্যৰ পৰা বৈদ্যুতিক ইঞ্জিনযুক্ত ৰে’লগাড়ী চলাৰ সম্ভাৱনা আছে।
প্ৰতিদিন কাকতত প্ৰকাশিত এটা বাতৰি অনুসৰি ১৪ জুলাইত মহাপ্রবন্ধক অংশুল গুপ্তাই মুখ্য কার্যালয়ৰ জ্যেষ্ঠ বিষয়া আৰু আৰ ভি এন এলৰ প্রতিনিধিৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চত ভাগ লৈ উত্তৰ–পূব সীমান্ত ৰে’লৱেই সামৰি লোৱা অঞ্চলত চলি থকা ৰে’লৱে বৈদ্যুতিকীকৰণৰ কাম–কাজৰ পর্যালোচনা কৰি এই মন্তব্য কৰে৷
নিউ গুৱাহাটীৰ পৰা ডিগাৰু হৈ জাগীৰোডলৈ দ্ৰুতগতিত চলি থকা ৰে’লপথ বৈদ্যুতিকীকৰণৰ কাম অহা ছেপ্টেম্বৰ মাহৰ শেষৰফালে সম্পূর্ণ হোৱাৰ আশা আছে৷ তেনেদৰে হোজাই–লামডিং খণ্ডৰ কাম অহা বর্ষৰ মার্চ মাহৰ ভিতৰত সম্পূর্ণ হ’ব৷
ইফালে, ব্রহ্মপুত্রৰ দক্ষিণ পাৰৰ যোগীঘোপা–দুধনৈ–কামপুৰ ৰে’লপথছোৱাতো যুদ্ধকালীন তৎপৰতাৰে বৈদ্যুতিকীকৰণৰ কাম চলি আছে৷ এই কামো চলিত বর্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত সম্পূর্ণ হ’ব৷
বৈদ্যুতিক ইঞ্জিনযুক্ত ৰে’লৰ চলাচল আৰম্ভ হোৱাৰ লগে লগে ৰাইজৰ এটা বহুদিনীয়া দাবী বা সপোন পূৰণ হোৱাৰ লগতে ৰে’ল যাতায়াত সুগম, প্রদূষণমুক্ত আৰু সময় নির্ধাৰিত যাত্রাৰ লক্ষ্য পূর্ণ হ’ব বুলি অংশুল গুপ্তাই জানিবলৈ দিয়ে।