ভাৰতত ক্ৰমশঃ চাহিদা বাঢ়িছে বৈদ্যুতিক যান-বাহনৰ। বিশেষকৈ বিদ্যুতৰ জৰিয়তে চলা স্কুটাৰে বিশেষ সমাদৰ লাভ কৰিছে জনসাধাৰণৰ মাজত। ভাৰতত সময়ে সময়ে কেইবা প্ৰকাৰৰো বৈদ্যুতিক স্কুটাৰ মুকলি কৰি দিয়া হৈছে। উল্লেখ্য যে চলিত মাহৰ ১৫ আগষ্ট তাৰিখে ভাৰতত অলাৰ প্ৰথম বৈদ্যুতিক স্কুটাৰ মুকলি কৰি দিয়া হৈছে।
প্ৰাপ্ত তথ্য মতে দুই প্ৰকাৰৰ বৈদ্যুতিক স্কুটাৰ ভাৰতত মুকলি কৰি দিয়া হৈছে। তাৰে এছ ১ প্ৰকাৰৰ স্কুটাৰৰ দাম ৯৯,৯৯৯ টকা আৰু এছ ১ প্ৰ’ ৰ দাম ১,২৯,৯৯৯ টকা। অলা এছ ১ স্কুটাৰৰ সৰ্বোচ্চ গতিবেগ ৯০ কিলোমিটাৰ আৰু অলা এছ ১ প্ৰ’ স্কুটাৰৰ সৰ্বোচ্চ গতিবেগ ১১৫ কিলোমিটাৰ।
উল্লেখ্য যে অলা বৈদ্যুতিক স্কুটাৰ মুকলি কৰাৰ দিনাই বাংগালুৰৰ বৈদ্যুতিক যান বাহন নিৰ্মাণ সংস্থা এটায়ো বৈদ্যুতিক স্কুটাৰ মুকলি কৰে। এই স্কুটাৰখনৰ সৰ্বোচ্চ গতি ঘন্টাত ১০৫ কিলোমিটাৰ। অলাৰ স্কুটাৰৰ দৰে ইয়াতো লিথিয়াম-আয়ন বেটেৰি আছে।
ভাৰতত ইতিমধ্যে বহুতো কোম্পানীয়ে বৈদ্যুতিক স্কুটাৰ নিৰ্মাণ কৰি সৰ্বসাধাৰণৰ সুবিধাৰ অৰ্থে বজাৰত মুকলি কৰি দিছে। বিগত বছৰৰ প্ৰথম ভাগতেই বাজাজ অটোমোবাইল সংস্থাৰ “চেতক“ স্কুটাৰ মুকলি কৰি দিয়া হৈছিল।
আনহাতে ২০১৮ চনত বাংগালুৰৰ এটি সংস্থাই প্ৰথম “Ather-450” মডেলৰ বৈদ্যুতিক স্কুটাৰ বজাৰত মুকলি কৰি দিছিল।
উল্লেখ্য যে ২০২০ চনৰ জানুৱাৰীৰ প্ৰথম ভাগত মুকলি হৈছিল “TVS iQube” বৈদ্যুতিক স্কুটাৰ। এই স্কুটাৰৰ বেটেৰি সম্পূৰ্ণ চাৰ্জ থাকিলে প্ৰায় ৭৫ কিলোমিটাৰ অনায়াসে চলাই যাব পাৰি।